“উচ্ছেদিত লোকক আশ্ৰয় নিদিব”, এই আহ্বানেৰে উচ্ছেদিত সকলক কলৈ যাবলৈ ক’লে মুখ্যমন্ত্ৰীয়ে?
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমৰ ৰাইজে উচ্ছেদিত ৰাইজক আশ্ৰয় দিয়া উচিত নহয়। নহ’লে উচ্ছেদ চলোৱা কোনো অৰ্থ নাথাকিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

উচ্ছেদিত লোক আশ্ৰয় নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বেদখল সন্দৰ্ভত চৰকাৰৰ কঠোৰ স্থিতি পুনৰবাৰ আলোকপাত কৰি বেদখল ভূমি মুক্ত কৰাৰ অভিযানৰ সময়ত উচ্ছেদিত লোকক আশ্ৰয় নিদিবলৈ আহ্বান জনাইছে। তেওঁ সকীয়াই দিয়ে যে,এনে কাৰ্যই খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি ওলোটা কৰিব পাৰে।
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমাৰ ৰাইজে তেওঁলোকক আশ্ৰয় দিয়া উচিত নহয়। নহ’লে উচ্ছেদ চলোৱা কোনো অৰ্থ নাথাকিব।” তেওঁ পুনৰবাৰ দাবী কৰে যে, বেদখলৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানসমূহ অসমীয়া “জাতি”ৰ স্বাৰ্থ আৰু পৰিচয় ৰক্ষাৰ এক বহল অভিযানৰ অংশ।
মুখ্যমন্ত্রীয়ে কয় যে, ৰাজ্যজুৰি এতিয়াও প্রায় ২৯ লাখ বিঘা অৰ্থাৎ ৯.৫ লাখ একৰতকৈ অধিক মাটি বেদখলৰ কৱল আছে ৷ মানুহে সহযোগিতা কৰিলে চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে, “বহুত কাম কৰিবলগীয়া আছে আৰু যদি মানুহে আমাক সহযোগ কৰে তেন্তে আমি সেই কামবোৰ কৰিব পাৰিম আৰু আমাৰ জাতি ৰক্ষা কৰিব পাৰিম।”
প্ৰশ্ন হয় যে, এই উচ্ছেদিত লোকসকলে এতিয়া কলৈ যাব? হয়তো তেওঁ লোকে অসমৰ অন্য স্থানত বসতি স্থাপন কৰিব পাৰে। এই সন্দৰ্ভত তেওঁ কয় যে, অসমৰ জনসাধাৰণ এতিয়া অধিক সচেতন আৰু তেওঁলোকক সহায় কৰাৰ সম্ভাৱনা কম। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, উচ্ছেদিত লোকসকল য’ৰ পৰা আহিছিল সেই ঠাইলৈ উভতি গ’লে কোনো আপত্তি নাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যই এই কথাও স্পষ্ট কৰে যে, প্ৰায় সংখ্য বেদখলকাৰী “অবৈধ বাংলাদেশী” আৰু “সন্দেহজনক নাগৰিক”। যিটো বিষয় এতিয়াও বিতৰ্কৰ মাজত।
ইফালে,অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে,এই অভিযানত সীমান্তৱৰ্তী নগা বাসিন্দা আৰু তেওঁলোকৰ চৰকাৰৰ পৰাও সহযোগিতা লাভ কৰিছিল ৷ সেই অঞ্চলত নগা আগ্ৰাসন নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ।
বিগত চাৰি বছৰত অসম চৰকাৰে ১.২৯ লাখ বিঘা(৪২,৫০০ একৰৰো অধিক) বেদখল কৰা ভূমি মুক্ত কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। শৰ্মাৰ মতে, এই ভূমিসমূহ বহুলাংশে “অবৈধ বাংলাদেশী” আৰু সন্দেহজনক নাগৰিকে দখল কৰিছিল। পূৰ্বে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, চৰকাৰে কোনো ভাৰতীয় বা অসমীয়া লোকক কেতিয়াও উচ্ছেদ নকৰে। লগতে পূৰ্বে স্পষ্ট কৰি দিছিল যে, খিলঞ্জীয়া লোকৰ অকৰ্তৃত্বশীল দখলক বেদখল হিচাপে গণ্য কৰা নহ’ব।