শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীঘ্ৰেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ! কোনে নতুনকৈ পাব স্থান?

শীঘ্ৰেই সম্প্ৰসাৰণ হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। সম্প্ৰসাৰণৰ লগতে ৰদবদলৰো সম্ভাৱনা আছে শৰ্মা মন্ত্ৰীসভাৰ। ডিচেম্বৰ মাহৰ ভিতৰত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব এজন বিধায়কক। বৰাকৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব বিধায়কগৰাকীক। এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শীঘ্ৰেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ! কোনে নতুনকৈ পাব স্থান?
শীঘ্ৰেই হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 21 Feb 2025 10:54 AM

এতিয়া ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাৰ বিষয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। কোনে পাব নতুনকৈ মন্ত্ৰীসভাত স্থান ? বিজেপিৰ সভাপতি ভবেশ কলিতা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰো নাম আছে নেকি নতুন মন্ত্ৰীৰ তালিকাত? এই প্ৰশ্নৰ অৱসান ঘটাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। শীঘ্ৰেই সম্প্ৰসাৰণ হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। সম্প্ৰসাৰণৰ লগতে ৰদবদলৰো সম্ভাৱনা আছে শৰ্মা মন্ত্ৰীসভাৰ। ডিচেম্বৰ মাহৰ ভিতৰত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব এজন বিধায়কক। বৰাকৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব বিধায়কগৰাকীক। এই কথা ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত সাংবাদিকক আগত মুখ্যমন্ত্ৰীয়ে কয়, ” বৰাক উপত্যাকাৰ পৰা এজন আমি  ল’ব লাগে। সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত ল’বই লাগিব। কাৰণ বৰাক উপত্যাকা এতিয়া প্ৰতিনিধিবিহীন হৈ আছে। আন সম্প্ৰসাৰণj কথা আমি এতিয়া চিন্তা কৰা নাই। সংগঠন পৰ্বৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি। জানুৱাৰীত নতুন সভাপতি আহিব। তাৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ লৈ আলোচনা কৰা হ’ব।”

পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছিল যে, “মন্ত্রীসভাৰ সম্প্ৰসাৰণ বুলি বিশেষ একো নাই । বৰাক উপত্যকাৰ এজন প্রতিনিধি ল’ব লাগে, কথা ইমানেই।” তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছিল ৰাজ্যপালক । ধাৰণা কৰা হৈছিল যে মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ প্ৰসংগতে ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ।

উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাত ১৫ গৰাকী মন্ত্ৰী আছে ৷ ইয়াৰ বিপৰীতে খালী হৈ আছে ৪টাকৈ মন্ত্রীপদ । এই চাৰি মন্ত্ৰীৰ পদৰ দৌৰত চৰ্চাত আছিল প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, থাওৰাৰ বিধায়ক সুশান্ত বুঢ়াগোঁহাই, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালকে ধৰি ভালেকেইজনৰ নাম ৷ কিন্তু এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ এজনকে তেওঁৰ মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব বুলি কৰা মন্তব্যই সম্ভাৱনা ব্যক্ত কৰে যে কৃষ্ণেন্দু পালৰ অন্তৰ্ভুক্তিৰ বাদে হয়তো আন একো ৰদ-বদল নকৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে পৰিমল শুক্লবৈদ্য সংসদলৈ যোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰ্তমান বৰাকৰ কোনো প্ৰতিনিধি নাই ।সেয়ে বৰাকৰ এজনক মন্ত্রীসভাত অন্তর্ভুক্তিৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে । যদি সেয়া হয়, কৃষ্ণেন্দু পাল মন্ত্ৰীসভাত নতুন সদস্য হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

ইফালে জানুৱাৰীত সলনি হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি। নিৰ্বাচনী প্ৰক্ৰিয়াৰে বাছনি কৰা হ’ব নতুন সভাপতিক। সভাপতি নিৰ্বাচনৰ পাছতেই সম্প্ৰসাৰণ হ’ব হিমন্ত মন্ত্ৰীসভাৰ। মন্ত্ৰীসভাত বৰাকৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব এগৰাকী বিধায়কক। বিশেষ বৃহৎ সম্প্ৰসাৰণৰ কথা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।