ধিঙৰ নাৰকীয় কাণ্ডক লৈ সৰৱ মুখ্যমন্ত্ৰী: ঘটনাৰে জড়িত অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, যোৱা লোকলভা নিৰ্বাচনৰ পাছত অসমত এনে ২২টা ঘটনা ঘটিছে, এইটো ২৩ নম্বৰ ঘটনা। এই ঘটনাবোৰৰ লগত কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম. ইতিমধ্যে ধিঙলৈ ডিজিপিক পঠাইছোঁ।"

ৰাজ্য কঁপাই যোৱা ধিঙৰ ঘটনাৰ পাছতেই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জঘন্য ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰিছিল আছুৱে। আছুৰ এই বন্ধক সমৰ্থন জনাইছে ব্যৱসায়ী তথা ৰাইজে। আজি ধৰ্ষণৰ ঘটনাৰ এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আন দুজনক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। তদন্তৰ খাতিৰতে অভিযুক্তৰ নাম প্ৰকাশৰ পৰা বিৰত আৰক্ষী। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। দোষীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । দুষ্কৃতিকাৰীক কোনোকাৰণতে ৰেহাই নিদিও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ঘটনাৰ ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।
দেশজুৰি বৰ্তমানো অব্যাহত আছে কলকাতাৰ অভয়া কাণ্ডক লৈ প্ৰতিবাদ। ক্ষোভত জ্বলি আছে দেশৰ চিকিৎসক সমাজ। ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা। ইয়াৰ পাছতো যেন কোনো ভয় নাই অপৰাধীৰ। প্ৰশাসনৰ সুৰক্ষা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই পুনৰ দানৱ সমাজে সংঘটিত কৰিছে নাৰকীয়, বৰ্বৰ কাণ্ড। এইবাৰ অসমৰ নগাঁও জিলাৰ ধিঙত এগৰাকী নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ গ’ল পথৰ দাঁতিত। ঘটনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে ধিং বন্ধৰ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।
এই জঘন্য ঘটনাটো ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছে । টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত ৩ দুৰ্বৃত্তই নাবালিকা ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে নাবালিকাগৰাকীক পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে একাংশ লোকে । পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “যোৱা লোকলভা নিৰ্বাচনৰ পাছত অসমত এনে ২২টা ঘটনা ঘটিছে, এইটো ২৩ নম্বৰ ঘটনা। এই ঘটনাবোৰৰ লগত কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে।
আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে ধিঙলৈ ডিজিপিক পঠাইছোঁ। পীযূষ হাজৰিকাকো যাব দিছোঁ। মই আগতেইও কৈছোঁ আমাৰ নামনি, মধ্য অসমত খিলঞ্জীয়া, স্থানীয় মানুহবোৰ বহু ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে। আমি সাৱধান হৈ থকাটো ভাল। এইবোৰ কথা অসমৰ মানুহে যিমানে বুজিব সিমানে আমাৰ বাবে ভাল। ৩জন ল’ৰা এজনৰ গ্ৰেপ্তাৰ কৰিছে। বাকী দুজনৰ নামো পাই যাব। বাইকত উঠি আহিছিল তেওঁলোক।”
মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “ধিঙত এনে ঘটনা এইটোৱে প্ৰথম নহয়। যিবোৰ ঠাইত খিলঞ্জীয়াসকল সংখ্যালঘু হৈছে সেই ঠাইবোৰত আমাৰ মানুহ সদায় সমস্যাত থাকে। কিবা এটা ঘটনা হ’লে অসমীয়া-বঙালী কৰি দিয়ে। কিন্তু কোনো বঙালী মানুহে ছোৱালীৰ ওপৰত হাত নিদিয়ে। আমাৰ প্ৰধান শত্ৰু কোনো সেইটো সেইটো আমাৰ মানুহে আজিলৈ নাজানে বা জানিব নিবিচাৰে। চৰকাৰে পদক্ষেপ লৈ আছে লৈ থাকিব। কিন্তু মানুহত ভিতৰত থকা জন্তুটো ঘটনাৰ পাছত হে গ’ম পায়।”