ধিঙত জঘন্য ঘটনা! ৩ নৰপিশাচৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী, অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী ৰাজপথলৈ ওলাই আহিল শ শ যুৱতী-মহিলা
ৰাজ্যত সুৰক্ষিত নহয় যুৱতী-মহিলা। ধিঙত অসমীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডকলৈ সৰ্বত্ৰ প্ৰতিবাদ। টিউচনৰ পৰা অহা পথত কিশোৰীৰ সৈতে এই জঘন্য কাণ্ড কৰে ৩ পাষণ্ডই।

যিখন দেশত বাৰ মাহে শক্তিক পূজা কৰা হয় সেইখন দেশতে অপমানিত নাৰী। দেশত নাৰীৰ সন্মান হৰণ কৰা ঘটনা ইটোৰ পিছত সিটো পোহৰলৈ আহি আছে। কলকাতাৰ ঘটনাৰ পাছতো কমা নাই নাৰী নিৰ্যাতনৰ ঘটনা। দেশ কঁপোৱা কলকাতাৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে।
কিন্তু তাৰ মাজতে এইবাৰ ধিঙত টিউচনৰ পৰা ওভতাৰ সময়ত নাবালিকাক ৩ পাষণ্ডই ধৰ্ষণ কৰে। সন্ধিয়াৰ সময়ত তিনি দুৰ্বৃত্তই এই জঘন্য কাণ্ড সংঘটিত কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল কিশোৰীগৰাকীক। মুমূৰ্ষু অৱস্থাত একাংশ লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক প্ৰেৰণ কৰা হৈছে নগাঁও অসামৰিক চিকিৎসালয়লৈ।
ধিঙৰ বৰভেটীৰ পৰা সন্দেহজনকত দুজনক সুধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান আৰক্ষী থানাত আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম। চৰকাৰে মহিলা সুৰক্ষাৰ বাবে পৃথক আইন প্ৰণয়ন কৰাৰ লগতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ পিছতো কিয় নাৰীজনিত অপৰাধ হ্ৰাস হোৱা নাই ?
এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰ হৈছে প্ৰতিবাদ। আছুৰ সভাপতি উৎপল শৰ্মাই প্ৰতিবাদ কৰি সামাজিক মাধ্যমত লিখিছে- ধিঙত কিশোৰীগৰাকীৰ সৈতে হোৱা নাৰকীয় ঘটনাৰ উচিত বিচাৰ লাগিবই। অসমীয়া খিলঞ্জীয়া জীয়ৰী-বোৱাৰী নিজৰ জন্মস্থানতে যদি সুৰক্ষিত নহয় চৰকাৰে জাতি-মাটি-ভেটিৰ শ্লোগান চিঞৰি থাকি কি লাভ! এই ধৰ্ষণত জড়িত প্ৰতিটো নৰপিশাচে কঠোৰতম শাস্তি পাব লাগিব।
ইফালে ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘X’যোগে দিছে প্ৰতিক্ৰিয়া। সোনকালে DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়াৰ লগতে দোষীক কোনোকাৰণতে সাৰি যাবলৈ নিদিও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সমগ্ৰ ঘটনাৰ ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।
The horrific incident at Dhing, involving a minor, is a crime against humanity and has struck our collective conscience.
We will NOT SPARE anyone & BRING the perpetrators to JUSTICE. I’ve directed @DGPAssamPolice to visit the site and ensure swift action against such monsters.
— Himanta Biswa Sarma (@himantabiswa) August 23, 2024
ইফালে এই ঘটনাক লৈ ধিং আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাৰ প্ৰতিবাদত পুৱাৰে পৰাই সম্পূৰ্ণ বজাৰ বন্ধ দিছে। আছুৰ এই বন্ধক সমৰ্থন জনাইছে ধিঙৰ ব্যৱসায়ী লগতে ধিঙৰ ৰাইজে। আনহাতে ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবীত মহিলা সমাজৰ বিশাল প্ৰতিবাদ।কোনো অপ্ৰিতকৰ ঘটনা নঘটিবলৈ অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰিছে ধিঙত।