দিল্লীত প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰঃ ৰাজ্যবাসীক দিলে এই সুখবৰ…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অসমবাসীৰ আগত বিশেষ তথ্য প্ৰকাশ কৰিছে।

সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। এই সৌহাৰ্দমূলক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থ-সামাজিক সূচকসমূহক কেন্দ্ৰ কৰি অসমৰ উল্লেখযোগ্য অগ্ৰগতি আৰু প্ৰধান কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ সন্দৰ্ভত নিজা সামাজিক মাধ্যম একাউণ্ট যোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লিখিছে, “আজি নতুন দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাক্ষাৎ লাভ কৰি এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ৷ এই সময়ত আৰ্থ-সামাজিক সূচকসমূহক কেন্দ্ৰ কৰি অসমৰ উল্লেখযোগ্য অগ্ৰগতি আৰু প্ৰধান কল্যাণমূলক আঁচনিসমূহৰ সম্পৃক্ততাৰ বিষয়ে তেখেতক অৱগত কৰোঁ।” তেওঁ লগতে ‘অসমবাসীৰ হৈ অহা ৮ ছেপ্টেম্বৰত তেখেতক স্বাগতম জনাবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ বিষয়েও তেখেতক অৱগত কৰোঁ’ বুলিও পোষ্টটোত কয়৷
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অসমৰ উন্নয়নৰ যাত্ৰাত আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই লগতে আশা প্ৰকাশ কৰে। উল্লেখ্য যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নুমলীগড়ত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত অংশ লোৱাৰ লগতে গোলাঘাট জিলাৰ নুমলীগড়ত দেশৰ প্ৰথমটো বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰিব।
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ সৈতে সাক্ষাতত মিলিত হৈ তেওঁক অসম তথা গহপুৰত নির্মাণ হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস কার্যসূচীলৈ আমন্ত্রণ জনায় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।
অসমৰ অন্যতম মহান স্বাধীনতা সংগ্ৰামী বীৰাংগনা কনকলতা বৰুৱালৈ উছর্গিত এই উচ্চ শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীক কেন্দ্র কৰি নিৰ্মিত প্ৰথম বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই উচ্চ শিক্ষানুষ্ঠান সম্পূৰ্ণ হোৱাৰ পাছত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে কিছুমান বিশেষ পাঠ্যক্রম আগবঢ়াই প্রযুক্তিগত সময়ৰ লগত সামঞ্জস্য বর্তাই ৰখাৰ লগতে সম্ভাৱনাময় ক্ষেত্ৰত সাৰথিৰ ৰূপত আত্মপ্রকাশ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক তেওঁ আৰ্থ-সামাজিক দিশত অসমে লাভ কৰা অগ্ৰগতিৰ বিষয়ে অৱগত কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ পৰাও সহায়–সহযোগিতা বিচাৰে।
প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰে়ড্ডীকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এক বৈঠকত মিলিত হৈ মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাৰ্যকলাপক অধিক উৎসাহজনক, শক্তিশালী আৰু উৎপাদনক্ষম কৰি তোলাৰ বিষয়ে দীঘলীয়া আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।