কংগ্ৰেছ নেতাসকলে অলপমান কাম কৰক আৰু মোৰ পৰা শিকক, মন্ত্ৰী কেৱল ময়েই নাই: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কয়, মই ৰাইজৰ বাবে অলপ অলপকৈ কাম কৰিয়ে আছোঁ, কৰোবাত যদি দিব্যাংগসকলৰ বাবে স্কুল, কৰোবাত শিশুসকলৰ বাবে পুথিভঁৰাল খুলিছোঁ, লগতে মোৰ নিজৰ প্ৰচেষ্টাত সাই বাবাৰ মন্দিৰো নিৰ্মাণ কৰিছোঁ আৰু এতিয়া ধুনীয়া শিৱৰ মন্দিৰো বনাম। কংগ্ৰেছৰ নেতাসকলেও অলপমান কৰক আৰু মোৰ পৰা শিকক।
আজি হাজোত ৭ ফুট উচ্চতাৰ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লৌহমানৱ বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল। হাজোত বিশাল বাইক ৰেলীৰে বিজেপি যুৱ মৰ্চাই আদৰি আনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাজোত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হাজোৰ মাজমজিয়াত উন্মোচন কৰিলে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণু ৰাম মেধিৰ প্ৰতিমূৰ্তি।
প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজহুৱা সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, বিষ্ণুৰাম মেধিৰ যদি আৰু দহ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিল হয় তেতিয়া হ’লে অসমে আজি সন্মুখীন হৈ থকা সমস্যা সমূহৰ সন্মুখীন নহ’লহেঁতেন। সেই সময়তেই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে কৈ থকা কথা আজি আমি কৈ আছোঁ। ছাদুল্লাই কৈ থকা কথাবোৰ এতিয়া কংগ্ৰেছে কৈ আছে। ইফালে মুখ্যমন্ত্ৰীয়ে জনাই যে, পলাশবাৰী-হাজো সংযোগী দলং হ’ব লৌহ মানৱ বিষ্ণুৰাম মেধিৰ নামত নামাকৰণ।
সভাৰ শেষত সাংবাদিকে ভূপেন বৰাই মুখ্যমন্ত্ৰীলৈ কৰা প্ৰশ্নৰ উল্লেখ কৰে। ভূপেন বৰাই মুখ্যমন্ত্ৰীক কৈছিল যে, ‘কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই বাজেয়াপ্ত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি’। ভূপেন বৰাৰ এই কথাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক’লে,আজিয়েই লৈ লওক, কংগ্ৰেছৰ নিজৰ সম্পত্তি কেতিয়া বাজেয়াপ্ত কৰিব সেইটোও ক’ব লাগে। কংগ্ৰেছ মুছলমান প্ৰেমিক, ইছলাম ধৰ্মৰ নবী হজৰত মহম্মদে কি কৈ গৈছিল? যে বেলেগৰ গাত আঙুলি টোৱাৰ আগতে সেই কামখিনি মোৰ জীৱনত সমাহিত কৰিম।
বিৰোধীক কটাক্ষ
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, মই ৰাইজৰ বাবেটো অলপ অলপকৈ কাম কৰিয়ে আছোঁ, কৰোবাত যদি দিব্যাংগসকলৰ বাবে স্কুল, কৰোবাত শিশুসকলৰ বাবে পুথিভঁৰাল খুলিছোঁ, লগতে মোৰ নিজৰ প্ৰচেষ্টাত সাই বাবাৰ মন্দিৰো নিৰ্মাণ কৰিছোঁ আৰু এতিয়া ধুনীয়া শিৱৰ মন্দিৰো বনাম। কংগ্ৰেছৰ নেতাসকলে অলপমান কৰক আৰু মোৰ পৰা শিকক। মন্ত্ৰী কেৱল ময়েই নাই, ১৫-২০ বছৰ বহু কংগ্ৰেছীও আছিলে। আমি যি কৰি আছোঁ সেয়া সততাৰে কৰি আছোঁ। তেওঁলোকে যিখিনি কৰিছে তাৰো হিচাপ-নিকাচ ৰাইজক দিব লাগে। গতিকে নিজৰ নিজৰ ঘৰ বিলাক ৰাইজৰ বাবে দি যাওক, মইটো আছোঁয়েই…মোক বিষ্ণুৰাম মেধিৰ জীৱনে অনুপ্ৰাণিত কৰে। তেখেতে মৃত্যুৰ সময়ত সকলো ৰাইজৰ বাবে দি থৈ গৈছিলে। এতিয়া কথা হ’ল ভূপেন বৰা, ৰকিবুল হুছেইন আৰু অখিল গগৈক প্ৰেৰণা দিয়ে নে নিদিয়ে?
‘প্ৰতাৰণা দিৱস’ দিৱস
ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, নাগৰিকত্ব সংশোধনী আইন (CAA) আইন বলৱৎ হোৱা এটা বছৰ পাৰ হৈ যোৱা পাছতে ‘কা’ শ্বহীদৰ মৃত্যু বাৰ্ষিকীত আমি ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰিম । তেওঁলোকে কৈছিল ২০ লাখ ২৫ লাখ সন্দেহ জনক লোক আহিব, কিন্তু এতিয়া সেই সংখ্যা বোৰ কি হ’ল? গুৱাহাটীত আন্দোলন কৰি থাকিলে মানকাচৰ আৰু বৰপেটাৰ সমস্যা সমাধান হ’ব নেকি?জাতিক এইদৰে আবেগিক কৰি থকাটো উচিত নহয়।