5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শ্বহীদৰ মৃত্যু বাৰ্ষিকীত পালন কৰা হ’ব প্ৰতাৰণা দিৱস ! ‘কা’ আন্দোলনক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰে সেই আন্দোলনটোক মূল্যহীন বুলিয়ে ক'ব বিচাৰিছে । ইয়াৰ লগতে অসমৰ 'কা' বিৰোধী আন্দোলনক আবেগৰ দ্বাৰা পৰিচালিত হোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয়,  "কা আন্দোলনৰ শ্বহীদৰ মৃত্যু বাৰ্ষিকী দিনা আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিম । যে কেনেকৈ জাতিটোক বাৰে বাৰে আবেগিক কৰা হয় ।"

শ্বহীদৰ মৃত্যু বাৰ্ষিকীত পালন কৰা হ’ব প্ৰতাৰণা দিৱস ! ‘কা’ আন্দোলনক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Updated On: 14 Aug 2024 18:10 PM

নাগৰিকত্ব সংশোধনী আইন(CAA) বিৰোধী আন্দোলনৰ শ্বহীদৰ মৃত্যু বাৰ্ষিকীৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰা হ’ব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত CAA বিৰোধীতা কৰি স্বতঃস্ফুতভাৱে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক । এই আন্দোলনটোক বিশেষভাৱে নেতৃত্ব বহন কৰিছিল অসমৰ ছাত্ৰ-সমাজে । এই আন্দোলনত দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আরু দ্বীপাঞ্জল দাস শ্বহীদ হ’বলগীয়া হৈছিল । তদপুৰি নাগৰিকত্ব সংশোধনী আইনখনক সেই সময়ত অসমৰ বাবে ক’লা আইন হিচাপে অভিহিত কৰিছিল অসমৰ ছাত্ৰ সমাজে ।

কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰে সেই আন্দোলনটোক মূল্যহীন বুলিয়ে ক’ব বিচাৰিছে । ইয়াৰ লগতে অসমৰ ‘কা’ বিৰোধী আন্দোলনক আবেগৰ দ্বাৰা পৰিচালিত হোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয়,  “কা আন্দোলনৰ শ্বহীদৰ মৃত্যু বাৰ্ষিকী দিনা আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিম । যে কেনেকৈ জাতিটোক বাৰে বাৰে আবেগিক কৰা হয় ।”

তেওঁ লগতে কয় যে, সেই সময়ত ২০ লাখ বাংলাদেশীয়ে অসমত নগৰিকত্ব পাব বুলি কোৱা হৈছিল । পাছত সেই সংখ্যা ১৫ লাখলৈ নামি আহিল । বৰ্তমান কেইজন বিদেশীয়ে অসমত নাগৰিকত্ব পাব সেয়া দেখা যাব বুলি এক প্ৰকাৰে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি তেওঁ কয়, ‘কা আইন বলৱৎ হোৱা এটা বছৰ পাৰ হৈ যোৱা পাছতে কা শ্বহীদৰ মৃত্যু বাৰ্ষিকীত আমি প্ৰতাৰণ দিৱস হিচাপে পালন কৰিম ।’

তেওঁ কয়, বাৰে বাৰে জাতিক আবেগিক কৰা হয় । কেনেকৈ আবেগৰ বশৱৰ্ত্তী হৈ প্ৰথমে ৮৫৫ জন, তাৰ পাছত ৫ জন শ্বহীদ হৈছিল । কোনো বৈজ্ঞানিক পৰিকল্পনা নাই, যে আমি কি কৰিম । ইয়াৰ লগতে আজি দিনত কেনেকৈ বৰপেট, ধুবুৰী, মানকাচৰত মানুহখিনিক সুৰক্ষা দিব পাৰি তাক লৈ কোনো পৰিকল্পনা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইয়াৰ সমান্তৰালবাৱে গুৱাহাটীত আন্দোলন কৰিলে বৰপেট, ধুবুৰী, মানকাচৰ আদি অঞ্চলত অসমীয়া মানুহ সুৰক্ষিত হ’ব নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, চৰকাৰখনক অশান্তি কৰাৰ বাহিৰে আন কোনো কথা নাই । চৰকাৰখনক সমৰ্থন কৰা হ’লে আজি যি কৰা হৈছে তাতকৈ ১০০ গুণ কৰা হ’ল হেঁতেন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মনকৰিবলগীয়া যে, আজি CAA ৰ অধীনত এগৰাকী অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰধান কৰা হ’ল অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ২০১৪ চনৰ পূৰ্বে অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী দুলাল দাসে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব। উল্লেখ কৰা প্ৰয়োজন যে কা-ৰ অধীনত ভাৰতত নাগৰিকত্ব প্ৰদানৰ এক দীঘলীয়া প্ৰক্ৰিয়া আছে। জুলাই মাহৰ পৰা নাগৰিকত্ব প্ৰদানৰ কাম আৰম্ভ হৈছিল যদিও ইয়াৰ বাবে অসমত কোনোৱে আবেদন দাখিল কৰা নাছিল।

খবৰ অনুসৰি নাগৰিকত্ব লাভৰ বাবে অসমত ১০গৰাকী লোকে আবেদন দাখিল কৰিছিল যদিও দুলাল দাস নামৰ এগৰাকীক নাগৰিকত্ব প্ৰদান কৰা হয়। দুলাল দাসে দাখিল কৰা সকলো নথি- পত্ৰ পৰীক্ষা কৰি তেওঁক নাগৰিকত্ব প্ৰদান কৰে। কাছাৰত এইগৰাকীলোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে যদিও এতিয়াও ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই।

Latest News