২০২৬ ৰ পূৰ্বে ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী, অমিত শ্বাহক সাক্ষাৎ BTR ৰ প্ৰতিনিধিৰ
BTR ৰ প্ৰতিনিধি দলটোৱে এটা ডাঙৰ দাবী গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। বিটিআৰৰ প্ৰতিনিধি দলটোৱে দাবী জনাইছে যে, ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ নেতা ৰঞ্জন দৈমাৰীকে ধৰি নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ ছয়জন কেডাৰক মুকলি কৰি দিব লাগে ।

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে। এই সাক্ষাৎকালতে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ দাবী পূৰণৰ বাবে হেঁচা প্ৰয়োগ কৰে। এই দলটোত আছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ জ্যেষ্ঠ নেতাসকল।
সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়া টুডে নৰ্থ ইষ্টে প্ৰকাশ কৰা খবৰ অনুসৰি, প্ৰতিনিধি দলটোৱে এটা ডাঙৰ দাবী গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। বিটিআৰৰ প্ৰতিনিধি দলটোৱে দাবী জনাইছে যে, ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ নেতা ৰঞ্জন দৈমাৰীকে ধৰি নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ ছয়জন কেডাৰক মুকলি কৰি দিব লাগে । ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক তেওঁলোকৰ মুক্তিৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি বিষয়টো চোৱা-চিতা কৰা হ’ব বুলি আশ্বাস দিয়া বুলি খবৰ প্ৰকাশ পাইছে।
ইয়াৰ উপৰি সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিনিধি দলটোৱে শ্বাহক আহ্বান জনায়। বিধেয়কখনত বিটিআৰ চুক্তিৰ ৪.৩ নং দফা সম্পৰ্কীয় বিধান আছে, যিটো ২০২০ চনত স্বাক্ষৰিত ঐতিহাসিক শান্তি চুক্তিৰ অধীনত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে বড়ো নেতৃত্বই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে।
একে সময়তে প্ৰতিনিধি দলটোৱে গৃহমন্ত্ৰীৰ সৈতে ২৮০ নং অনুচ্ছেদৰ অধীনত বিটিআৰলৈ বিত্তীয় হস্তান্তৰ সন্দৰ্ভতো আলোচনা কৰে। স্বায়ত্তশাসিত অঞ্চলটোক অৰ্থনৈতিক আৰু প্ৰশাসনিকভাৱে সবলীকৰণৰ বাবে প্ৰয়োজনীয় বিত্তীয় ব্যৱস্থা ৰূপায়ণ কৰিবলৈ বড়ো নেতৃত্বই অধিক গুৰুত্ব দিছে।
তদুপৰি, প্ৰতিনিধি দলটোৱে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে বুলি খবৰ প্ৰকাশ পাইছে। তেওঁলোকৰ দাবী বড়ো সংখ্যাগৰিষ্ঠ কেইবাটাও অঞ্চল বিশ্বনাথ আৰু শোণিতপুৰ জিলাত আছে। কাৰ্বি আংলং জিলাৰ বড়ো-কছাৰী জনসাধাৰণক পাহাৰীয়া জিলাৰ মৰ্যাদা প্ৰদানৰ বাবেও প্ৰতিনিধি দলটোৱে আহ্বান জনায়।
লগতে পঢ়ক: আজি ভাৰত বন্ধ, কি কি খোলা থাকিব ? গুৱাহাটীত ইয়াৰ প্ৰভাৱ কি?