আজি ভাৰত বন্ধ, কি কি খোলা থাকিব ? গুৱাহাটীত ইয়াৰ প্ৰভাৱ কি?
দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু কৃষক সংগঠনসমূহে যৌথভাৱে আজি দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম সংহিতা বাতিল কৰাৰ লগতে ব্যক্তিগতকৰণ, ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিক চাকৰিৰ প্ৰসাৰ, অধিক নিযুক্তি আৰু উন্নত মজুৰিৰ দাবীক আওকাণ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰিছে শ্ৰমিকসকলে।

আজি দেশজোৰা ধৰ্মঘট আহ্বান জনাইছে শ্ৰমিক সংগঠনে। দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু কৃষক সংগঠনসমূহে যৌথভাৱে আজি দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম সংহিতা বাতিল কৰাৰ লগতে ব্যক্তিগতকৰণ, ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিক চাকৰিৰ প্ৰসাৰ, অধিক নিযুক্তি আৰু উন্নত মজুৰিৰ দাবীক আওকাণ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰিছে শ্ৰমিকসকলে।
সমগ্ৰ দেশৰ বেংকিং, বীমা, কয়লা খনন, ঘাইপথ, নিৰ্মাণ আৰু আন বহু খণ্ডত কৰ্মৰত ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে এই দেশজোৰা সাধাৰণ ধৰ্মঘটত অংশগ্ৰহণ কৰিব। চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত ১০টা কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু তেওঁলোকৰ মিত্ৰ ইউনিটৰ মঞ্চই এই ধৰ্মঘটৰ আহ্বান জনাইছে। এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক সেৱা, কয়লা খনন, ৰাজ্যিক পৰিবহণ, কাৰখানা আদি বহুতো অত্যাৱশ্যকীয় সেৱা প্ৰভাৱিত হ’ব।
গুৱাহাটীকে ধৰি অসমৰ কিছু কিছু ঠাইত ইয়াৰ প্ৰভাৱ পৰা সম্ভাৱনা আছে। ইতিমধ্যে মহানগৰীৰ পৰিবহন ব্যৱস্থাত সৰ্বাধিক প্ৰভাৱ দেখা গৈছে। পুৱা ভাগলৈ ASTC বাছৰ বাহিৰে চলাচল কৰা দেখা নাই আন আন বাণিজ্যিক বাহন। অসমৰ শ্ৰমিক সংগঠন সমূহেও এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। ইফালে, বেংকিং খণ্ডকে ধৰি পৰিবহণ সেৱাত ইয়াৰ প্ৰভাৱ পৰা সম্ভাৱনা আছে।
কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব?
বিদ্যালয় আৰু মহাবিদ্যালয় খোলা থকাৰ সম্ভাৱনা আছে। ব্যক্তিগত কাৰ্যালয়ৰ লগতে ৰে’ল সেৱা অব্যাহত থাকিব বুলি খবৰ প্ৰকাশ পাইছে। কিন্তু এই ক্ষেত্ৰত ভাৰত বন্ধই কিছু প্ৰভাৱ পেলোৱা সম্ভাৱনা আছে।
ইফালে,কয়লা খনন আৰু উদ্যোগিক উৎপাদন,বেংকিং আৰু বীমা সেৱা, ডাক সেৱা,চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা খণ্ডৰ ইউনিট, ৰাজ্যিক পৰিবহণ সেৱাত এই ধৰ্মঘটৰ সৰ্বাধিক প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক: Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
কৰ্মচাৰীৰ দাবী আৰু অভিযোগ
শ্ৰমিক সংগঠনৰ মঞ্চই কয় যে, যোৱা বছৰ তেওঁলোকে শ্ৰম মন্ত্ৰীক ১৭ দফা দাবীৰ স্মাৰক পত্ৰ দাখিল কৰিছিল। তেওঁলোকৰ মূল অভিযোগবোৰ হৈছে-বিগত ১০ বছৰে চৰকাৰে বাৰ্ষিক শ্ৰমিক সন্মিলনৰ আয়োজন কৰা নাই। নতুন শ্ৰমিক সংহিতাৰ জৰিয়তে ট্ৰেড ইউনিয়নক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। একে সময়তে কৰ্মৰ সময় বৃদ্ধিৰ লগতে শ্ৰমিকৰ অধিকাৰ হ্ৰাস কৰা হৈছে।
ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিক চাকৰিৰ প্ৰসাৰ, অধিক নিযুক্তি আৰু উন্নত মজুৰিৰ দাবীক আওকাণ কৰা আৰু যুৱ নিবনুৱা সমস্যা সমাধানৰ পৰিৱৰ্তে ELI (নিয়োগ সম্পৰ্কীয় প্ৰৰোচনা) আঁচনিৰ অধীনত নিয়োগকৰ্তাসকলক সুবিধা প্ৰদান কৰা আদি ইয়াৰ অন্তৰ্ভুক্ত বিষয়। চাকৰিৰ অভাৱ, মুদ্ৰাস্ফীতি, মজুৰি হ্ৰাস আদি বিষয়বোৰ উত্থাপন কৰিছে শ্ৰমিক সংগঠনসমূহে।
ভাৰত বন্ধৰ আহ্বান জনোৱা ইউনিয়নসমূহৰ ভিতৰত আছে- AITUC, HMS, CITU, INTUC, INUTUC, TUCC, SEWA, AICCTU, LPF আৰু UTUC। ইয়াৰ উপৰিও ইউনাইটেড কিষাণ মৰ্চা আৰু ইউনাইটেড ফ্ৰণ্ট অৱ এগ্ৰিকালচাৰেল লেবাৰ ইউনিয়নেও এই ধৰ্মঘটৰ সমৰ্থন কৰিছে।
লগতে পঢ়ক: ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…