BTC election results 2025: পুনৰ বিটিচিৰ মচনদ দখল হাগ্ৰামাৰ, ২৮ খন আসনেৰে নিৰংকুশ সংখ্যা গৰিষ্ঠতা, বিজেপি ৫খন আৰু ইউপিপিএল ৭ খনত সীমাবদ্ধ
BTC election result 2025: যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা হয় শুকুৰবাৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল।

“কি পাৱাৰত নাথাকে, পাৱাৰত থাকিব…” সামাজিক মাধ্য়মত প্ৰায়েই চৰ্চা হৈ থাকে এই বিশেষ মন্তব্যটো। অসমৰ এটা টিভি চেনেলত দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। ২০২৫ চনৰ বিটিচি নিৰ্বাচনৰ ফলাফলত যেন হাগ্ৰামাৰ সেই দাবী পুনৰ প্ৰমাণিত হ’ল। নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিটিচিৰ শাসনলৈ উভতি আহিল হাগ্ৰামাৰ দল বিপিএফ।
যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা হয় শুকুৰবাৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল। ইফালে বিটিচিত আসন শূন্য হৈ ৰ’ল কংগ্ৰেছ আৰু এআইইউডিএফৰ দৰে দল।
লগতে পঢ়ক: BTC Election: বিটিচিত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ বিপিএফ
বিটিচিৰ মুঠ আসনৰ সংখ্যা হৈছে ৪০ খন। চৰকাৰ গঠনৰ বাবে এটা দলক প্ৰয়োজন ২১ খন আসনৰ। বিজেপিয়ে অংক কৰিছিল নিজাকৈ পোৱা আসনৰ সৈতে ইউপিপিএল বা বিপিএফ কোনো এটা দলক লগত লৈ বিটিচিৰ শাসন উপভোগ কৰাৰ।
কিন্তু যি জনাদেশ বিটিচিৰ ৰাইজে দিলে, তাত গেৰুৱা দলটোৰ সপোন থানবান হৈ পৰিল। বিজেপি আৰু ইউপিপিএলৰ মুঠ আসন মিলালেও বিপিএফৰ আসনৰ আধাও নহয়। এনে পৰিপ্ৰেক্ষিতত এতিয়া বিপিএফক কোনো দ্বিতীয় পক্ষৰ সমৰ্থনৰ প্ৰয়োজন নহ’ব বিটিচিৰ ৰাজপাটত বহিবলৈ।
২৮ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ পাঁচ বছৰৰ পাছত পুনৰ উভতি আহিল ক্ষমতালৈ। বিটিচি গঠনৰ পাছত একেৰাহে ১৭ বছৰ বড়োভূমিত ৰাজত্ব কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। অসমৰ ৰাজনীতিৰ অন্যতম কিং মেকাৰ হৈছে হাগ্ৰামা।

বিটিচি নিৰ্বাচনৰ ফলাফল
২০২০ চনৰ নিৰ্বাচনত সকলো দলতকৈ বেছি আসন লাভ কৰিলেও বিপিএফে চৰকাৰ গঠন কৰিব পৰা নাছিল। বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ সহযোগত চৰকাৰ গঠন কৰি হাগ্ৰামাক বেকফুটলৈ ঠেলি দিছিল। কিন্তু এইবাৰ সেই সুযোগ নাপাব গেৰুৱা বাহিনীয়ে।
বিটিচিৰ ৪০ খন আসনত কোন কোন প্ৰাৰ্থী জয়ী হ’ল সেই তালিকাত এবাৰ চকু ফুৰাওঁ আহক-
১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি (ST)- মুনমুন ব্ৰহ্ম (বিপিএফ)
২ নং গোমা পৰিষদীয় সমষ্টি (Open)- মঃ আনতাজ আলী (বিপিএফ)
৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টি (Non ST)- উইলছন হাছদা (ইউপিপিএল)
৪ নং যমদুৱাৰ পৰিষদীয় সমষ্টি (ST)- উইলিয়াম নাৰ্জাৰী (বিপিএফ)
৫ নং চৰাইবিল পৰিষদীয় সমষ্টি (ST)- মৃত্যুঞ্জয় নাৰ্জাৰী (বিপিএফ)
৬ নং কচুগাঁও পৰিষদীয় সমষ্টি (ST)- ৰবিৰাম নাৰ্জাৰী (বিপিএফ)
৭ নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টি (Non ST)- মঃ আজামুল হক (বিপিএফ)
৮ নং দোতমা পৰিষদীয় সমষ্টি (ST)- প্ৰকাশ বসুমতাৰী (বিপিএফ)
৯ নং বনৰগাঁও পৰিষদীয় সমষ্টি (ST)- জুবিৰাজ বসুমতাৰী (বিপিএফ)
১০ নং দেবৰগাঁও পৰিষদীয় সমষ্টি (ST)- হাগ্ৰামা মহিলাৰী (বিপিএফ)
১১ নং বাওখুংগ্ৰী পৰিষদীয় সমষ্টি (ST)- ধনেশ্বৰ গয়াৰী (বিপিএফ)
১২ নং চালাকাটি পৰিষদীয় সমষ্টি (ST)- দেৰহাছাত বসুমতাৰী (বিপিএফ)
১৩ নং চিৰাং পৰিষদীয় সমষ্টি (ST)- শুকুৰচিং মুচাহাৰী (বিপিএফ)
১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি (ST)- খাম্ফা বৰগয়াৰী (ইউপিপিএল)
১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি (ST)- পানীৰাম ব্ৰহ্ম (বিপিএফ)
১৬ নং নিচিমা পৰিষদীয় সমষ্টি (ST)- জেমছ বসুমতাৰী (বিপিএফ)
১৭ নং ছোবাইঝাৰ পৰিষদীয় সমষ্টি (ST)- ধীৰাজ বৰগয়াৰী (বিপিএফ)
১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টি (ST)- ধনঞ্জয় বসুমতাৰী (ইউপিপিএল)
১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টি (Open)- খালিবুৰ ৰহমান (বিপিএফ)
২০ নং মথনগুৰি পৰিষদীয় সমষ্টি (Open)- আখতাৰা আহমেদ (বিপিএফ)
২১ নং শালবাৰী পৰিষদীয় সমষ্টি (ST)- দিগন্ত গয়াৰী (বিপিএফ)
২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টি (ST)- মণ্টু বড়ো (ইউপিপিএল)
২৩ নং দিহিৰা পৰিষদীয় সমষ্টি (Open)- আগষ্টাছ টিগ্গা (বিপিএফ)
২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টি (ST)- ৰাকেশ ব্ৰহ্ম (ইউপিপিএল)
২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টি (ST)- ৰেখাৰাণী দাস বড়ো (বিজেপি)
২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টি (ST)- বিজিত গৌড়া নাৰ্জাৰী (বিজেপি)
২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টি (Non ST)- লক্ষী দাস (বিজেপি)
২৮ নং গয়বাৰী পৰিষদীয় সমষ্টি (ST)- প্ৰমোদ বড়ো (ইউপিপিএল)
২৯ নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টি (ST)- গণেশ কছাৰী (বিপিএফ)
৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টি (ST)- মহেশ্বৰ বসুমতাৰী (বিপিএফ)
৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টি (ST)- লৌমশ্ৰাও দৈমাৰী (বিপিএফ)
৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টি (ST)- দাওবাইছা বড়ো (ইউপিপিএল)
৩৩ নং ননৈ ছেৰফাং পৰিষদীয় সমষ্টি (Non ST)- পল টপ্প (বিপিএফ)
৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টি (ST)- অৰ্জুন দৈমাৰী (বিজেপি)
৩৫ নং মুদৈবাৰী পৰিষদীয় সমষ্টি (Open)- দিগন্ত বৰুৱা (বিজেপি)
৩৬ নং হৰিশিঙা পৰিষদীয় সমষ্টি (ST)- ত্ৰিদিপ দৈমাৰী (বিপিএফ)
৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টি (ST)- ফ্ৰেছ মুছাহাৰী (বিপিএফ)
৩৮ নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টি (ST)- ৰিহন দৈমাৰী (বিপিএফ)
৩৯ নং পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টি (Non ST)- শ্যাম সুন্দি (বিপিএফ)
৪০ নং ৰৌতা পৰিষদীয় সমষ্টি (ST)- চৰণ বড়ো (বিপিএফ)
এয়া ২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনৰ ফলাফল। ৪০ টা পৰিষদীয় সমষ্টিত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল নিৰ্বাচনত। তাৰ ভিতৰত বড়োভূমিৰ সৰহ সংখ্যক ৰাইজে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সমৰ্থনত জনাদেশ দিয়ে। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য় অনুসৰি
- বিপিএফ- ২৮ খন
- বিজেপি- ৫ খন
- ইউপিপিএল- ৭ খন
ভোটগণনাৰ সময়ৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে দাবী কৰি আহিছিল যে তেওঁৰ দলেই এইবাৰ চৰকাৰ গঠন কৰিব বিটিচিত। নিৰ্বাচনী ফলাফলে এতিয়া হাগ্ৰামাৰ দাবীকেই সঁচা প্ৰমাণিত কৰিলে।
এইবাৰৰ নিৰ্বাচনত দুটাকৈ পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। দেবৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰাৰ বিপৰীতে চিৰাং দুৱাৰ সমষ্টিত একালৰ সতীৰ্থ তথা বৰ্তমান ইউপিপিএলৰ নেতা খাম্ফা বৰগয়াৰীৰ হাতত পৰাস্ত হয়। ইফালে বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী প্ৰমোদ বড়োৱেও দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰাৰ বিপৰীতে দোতমা সমষ্টিত পৰাস্ত হয়।
যোৱা পাঁচ বছৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে বড়ো ভূমিত বহুখিনি উন্নয়ন সাধন কৰাৰ দাবী কৰিছিল। হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰত বিটিআৰত কেৱল লুটি-পুতি খোৱাৰো অভিযোগ তুলিছিল। ইফালে বিজেপিয়ে পোনপটীয়াকৈ শাসনৰ আশা কৰি ৰাইজক বড়োভূমিৰ সৰ্বাংগীন উন্নতিৰ আশ্বাস দিছিল। অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক উবুৰি খাই পৰিছিল বিটিচি নিৰ্বাচনত। কিন্তু কাজেই সকলো অসাৰ প্ৰতিপন্ন কৰি শেষ হাঁহি মাৰিলে হাগ্ৰামা মহিলাৰীয়ে। অহা ৩ অক্টোবৰত শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ।
২০২০ চনৰ নিৰ্বাচনৰ ফলাফলৰ কিছু প্ৰেক্ষাপট-
২০২০ চনৰ নিৰ্বাচনৰ অন্যতম এক ইচ্যু আছিল বড়ো শান্তি চুক্তি। নিৰ্বাচনৰ ঠিক পূৰ্বেই সম্পন্ন হৈছিল এই শান্তি চুক্তি। অসম চৰকাৰ, ভাৰত চৰকাৰ, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু এন ডি এফ বিৰ মাজত স্বাক্ষৰিত হৈছিল ঐতিহাসিক বড়ো শান্তি চুক্তি। কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই বড়ো শান্তি চুক্তি আখৰে আখৰে পালনৰ প্ৰতিশ্ৰুতি দিছিল। সেই নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ-
- বিপিএফ- ১৭
- ইউপিপিএল- ১২
- বিজেপি- ৯
- কংগ্ৰেছ- ১
- গণ সুৰক্ষা পাৰ্টী- ১
সেই নিৰ্বাচনৰ পাছতেই বিটিচিত চৰকাৰ গঠনৰ সমীকৰণ জটিল হৈ পৰিছিল। বিজেপিয়ে ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টীক লগত লৈ বিটিচিত চৰকাৰ গঠনৰ পৰিকল্পনা কৰে আৰু বিজয়ী প্ৰাৰ্থীসকলক গুৱাহাটীৰ এখন হোটেলত একগোট কৰি ৰখা হয়। হাগ্ৰামা মহিলাৰীয়ে যাতে কোনো কাৰণতে কোনো প্ৰাৰ্থীক নিজৰ ফলীয়া কৰিব নোৱাৰে তাৰ বাবে ব্যাপকভাৱে নিৰীক্ষণ ব্যৱস্থা কৰা হয়। অৱশেষত তিনিওটা দলে মিলি চৰকাৰ গঠন কৰে। সৰ্বাধিক আসন লাভ কৰাৰ পাছতো সেইবাৰ থমকি ৰ’বলগীয়া হৈছিল হাগ্ৰামা।
কিন্তু আমি এই প্ৰতিবেদনৰ প্ৰথমতে উল্লেখ কৰা কথাটোৰ দৰেই এইবাৰৰ নিৰ্বাচনত হাগ্ৰামাই দেখুৱাই দিলে যে তেওঁ পাৱাৰত থাকিব। ইফালে সমুখত আছে ২০২৬ ৰ বিধানসভা নিৰ্বাচন। সেই পৰিপ্ৰেক্ষিতত এতিয়া বিজেপিয়ে ইউপিপিএলক এৰি পুনৰ বিপিএফৰ সৈতে মিত্ৰতা স্থাপন কৰে নে হাগ্ৰামাৰ বিৰুদ্ধেই যুঁজ দিয়ে সেয়াও লক্ষণীয় হ’ব।