জুবিনক হেৰুওৱা শোকৰ মাজতেই সোমবাৰে বিটিচি নিৰ্বাচন…
জুবিন বিহীন অসমত সোমবাৰে অনুষ্ঠিত হ'ব প্ৰথমটো নিৰ্বাচন। সোমবাৰে বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। যদিও সমগ্ৰ অসমত এই নিৰ্বাচনৰ প্ৰভাৱ নপৰে, কিন্তু গুৰুত্বপূৰ্ণ।

ভাষাৰে বুজাব নোৱাৰা এক অনুভৱ! জুবিনৰ পাৰ্থিৱ শাৰীৰে অসমত জনসমুদ্ৰ সৃষ্টি কৰিলে,অথচ তেওঁ আমাৰ মাজত নাই। কথাবোৰ ভাৱিবলৈ কঠিন, মানি ল’ব নোৱাৰি। জুবিন বিহীন অসমত সোমবাৰে অনুষ্ঠিত হ’ব প্ৰথমটো নিৰ্বাচন। সোমবাৰে বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। যদিও সমগ্ৰ অসমত এই নিৰ্বাচনৰ প্ৰভাৱ নপৰে, কিন্তু গুৰুত্বপূৰ্ণ। বিধাতাৰ লিখন, অশ্ৰুসিক্ত নয়নেৰে অসমবাসীয়ে বিদায় দিবলৈ সাজু হৈছে প্ৰাণৰ জুবিন দাক!
নিৰ্বাচন আয়োগৰ পূৰ্বৰ সিদ্ধান্তৰ মতেই ২২ ছেপ্টেম্বৰ সোমবাৰে অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। যদি প্ৰয়োজন হয় তেন্তে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ। ২৬ ছেপ্টেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।
নিৰ্বাচন আয়োগে যোৱা ২৬ আগষ্টত জাৰি কৰিছিল নিৰ্বাচনৰ জাননী । ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী।
মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩৩৫৯ টা। ২০২০ চনৰ নিৰ্বাচনত এই সংখ্যা আছিল ৩১৪৬ টা। মুঠ আসন হৈছে ৪০ খন। ইয়াৰে ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে, ৫ খন আসন অনুসূচীত অ-জনজাতীয় লোকৰ বাবে আৰু ৫ খন আসন সকলোৰে বাবে মুকলি।
বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। সমষ্টিসমূহ হৈছে-পৰ্বতঝোৰা (ST),বাওখুংগ্ৰী (ST), শালবাৰী (ST), খৈৰাবাৰী (ST), গুমা (Open), চালাকাটি (ST), কোকলাবাৰী (ST), ভেৰগাঁও (ST), শ্ৰীৰামপুৰ (Non ST) , চিৰাং (ST), দিহিৰা (Open), ননৈ ছেৰফাং (Non ST), যমদুৱাৰ (ST), চিৰাং দুৱাৰ (ST),মুছলপুৰ(ST), খালিং দুৱাৰ (ST), চৰাইবিল (ST), কাজলগাঁও (ST), বাগানপাৰা (ST), মুদৈবাৰী (Open), কচুগাঁও (ST), নিচিমা (ST), দৰঙাজুলি (ST), হৰিশিঙা (ST), দোতমা (ST), সোবাইঝাৰ (ST), নাগ্ৰীজুলি (Non ST), ধনশ্ৰী (ST), ফকিৰাগ্ৰাম (Non ST), মানস ছেৰফাং (ST), গইবাৰী (ST), ভৈৰৱকুণ্ড (ST), বনৰগাঁও (ST), ঠুৰিবাৰী (Open), ছুক্লাই ছেৰফাং (ST), পাঁচনৈ ছেৰফাং (Non ST), দেবৰগাঁও (ST), মথনগুৰি (Open), গোৰেশ্বৰ (ST), ৰৌতা (ST)।