শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

খাম্পাৰ বিৰুদ্ধে বিটিচি নিৰ্বাচনী যুঁজত হাগ্ৰামা, হাজাৰ হাজাৰ সমৰ্থক লগত লৈ মনোনয়ন দাখিল

বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা। ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে।

খাম্পাৰ বিৰুদ্ধে বিটিচি নিৰ্বাচনী যুঁজত হাগ্ৰামা, হাজাৰ হাজাৰ সমৰ্থক লগত লৈ মনোনয়ন দাখিল
হ্ৰাগ্ৰামৰ মনোনয়ন দাখিল
manas-borah
Manas Borah | Updated On: 01 Sep 2025 16:00 PM

সমাগত বিটিচি নিৰ্বাচন! অধিক উৎসাহৰে মনোনয়ন দাখিল কৰিলে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা। ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে। সেই উপলক্ষে জনসমুদ্ৰত পৰিণত হয় চিৰাং জিলাৰ কাজলগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ।

১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে ১৫ নং কাজলগাঁও সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু ১৩ নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী শুকুৰসিং বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে এই তিনিও গৰাকী বিপিএফ প্ৰাৰ্থীয়ে।

ইউপিপিএলৰ হৈ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত ছাইখং বসুমতাৰী আৰু ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী খাম্পা বৰগয়াৰী আৰু ১৫ নং কাজলগাঁও সমষ্টিত চন্দন ব্ৰহ্মই সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। তিনিওগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম।

ইফালে, ওদালগুৰি জিলাৰ ৬ টা পৰিষদীয় সমষ্টিত বিপিএফ দলে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত ৰিহন দৈমাৰী, ৩৭ নং ধনশ্ৰী সমষ্টিত ফ্ৰেচ মুছাহাৰী, ৩৫ নং মুদৈবড়ী সমষ্টিত জগদীশ চৰকাৰ, ৩৬ নং হৰিশিঙা সমষ্টিত ত্ৰিদিপ দৈমাৰী, ৪০ নং ৰৌতা সমষ্টিত চৰণ বড়ো আৰু ৩৭ নং পাচনৈ ছেৰফাং সমষ্টিত শ্যাম চুণ্ডিয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলত বিপিএফ দলৰ প্ৰাৰ্থী কেইগৰাকীক সংগ দিয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

একেদৰে ওদালগুৰি জিলাত ইউপিপিএল দলে ১০ টা পৰিষদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ দিশে আগবাঢ়িছে। ৩৮ নং ভৈৰৱকুণ্ডত গোবিন্দ চন্দ্ৰ বসুমতাৰী, ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ধৰণী বড়ো, ৩২ নং ভেৰগাঁৱত দাওবৈছা বড়ো , ৪৮ নং ননৈ ছেৰফাং সমষ্টিত মৰিমা তপ্প, ৩৪ নং খালিংদুৱাৰত ৰবীন্দ্ৰ বড়ো , ৪০ নং ৰৌতাত নিলুৎ স্বৰ্গীয়াৰী, ৩৭ নং ধনশ্ৰীত ৰুজুগৌৰা মুছাহাৰী , ৩৫ নং মুদৈবড়ী ৰমেশ হাজৰিকা, ৩৬ নং হৰিশিঙাত সঞ্জয় স্বৰ্গীয়াৰী, ৩৯ নং পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিত ৰাম কৰণণণ গৌৰে মনোনয়ন দাখিল কৰে। ইউপিপিএল দলৰ প্ৰাৰ্থী কেইগৰাকীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে।