এনডিএৰ সৈতে মিত্ৰতা কৰিবনে বিপিএফে? বিজেপিক চৰ্ত বান্ধি দিলে হাগ্ৰামা মহিলাৰীয়ে…
হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰি দিছে যে, বিপিএফে এনডিএৰ সৈতে মিত্ৰতা কৰিব নে নকৰে। এই সন্দৰ্ভত বিজেপি চৰ্ত বান্ধি দিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

এনডিএৰ লগত ইউপিপিএল থাকিলে মিত্ৰতা নকৰে বিপিএফে। বিটিচিত অকলে চৰকাৰ গঠন কৰিব বিপিএফে। এই কথা স্পষ্ট কৰি দিলে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীয়ে স্পষ্ট কৰি দিছে যে, যেতিয়ালৈকে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) অংশীদাৰ হৈ থাকিব তেতিয়ালৈকে তেওঁৰ দলটোৱে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সত যোগদান নকৰে।
উল্লেখ্য যে, কোকৰাঝাৰ সদৰস্থিত বিটিচি অতিথিশালাত বিপিএফৰ নৱনিৰ্বাচিত পাৰিষদ সকলৰ সৈতে শুকুৰবাৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত হাগ্ৰামাই ঘোষণা কৰে যে, কাইলৈ কাৰ্যবাহী সদস্য হিচাপে দহ গৰাকী পাৰিষদকৰ নাম ঘোষণা কৰা হ’ব।
বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচি মুখ্য কাৰ্যবাহী হিচাপে অহা ৫ অক্টোবৰত শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বিজেপিক ডাঙৰ চৰ্ত দিলে মহিলাৰীয়ে। তেওঁ কয় যে, এনডিএৰ পৰা আঁতৰাব লাগিব ইউপিপিএলক। যদি বিজেপি তথা এনডিএৰ লগত ইউপিপিএল থাকে তেন্তে বিফিএফ এনডিএৰ লগত নাথাকে বা মিত্ৰতা নকৰে। এইদৰে বিপিএফৰ স্থিতি স্পষ্ট কৰি দিছে হাগ্ৰামাই। জানিব পৰা মতে, শুকুৰবাৰৰ বৈঠকত এই সিদ্ধান্ত লৈছে বিপিএফে।
মনকৰিবলগীয়া হাগ্ৰামা মহিলাৰীয়ে এই কথা স্পষ্ট কৰাৰ পূৰ্বে অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বিটিচিৰ বাবে বিপিএফ, ইউপিপিএল, আৰু বিজেপি একে আৰু সকলো এনডিএৰ অংশ। ইয়াৰ উত্তৰত আজি বিপিএফৰ স্থিতি স্পষ্ট কৰে হাগ্ৰামা মহিলাৰীয়ে।
ইফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিপিএফৰ সদস্যসকলে জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু এনে পৰিস্থিতিত বিজেপিৰ সৈতে সহযোগিতা কৰাৰ কোনো সমস্যা দলৰ নাই বুলিও স্পষ্ট কৰি দিছে হাগ্ৰামা মহিলাৰীয়ে।
লগতে পঢ়ক: Cough Syrup: সাৱধান ! শিশুক নোখোৱাব কপ চিৰাপ, ডাঙৰ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ