5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহানগৰীত বোমাতংক! সাতগাঁও, দিছপুৰৰ লাষ্টগেটত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী

এই অভিযানৰ মাজতে গুৱাহাটী মহানগৰীৰ সাতগাঁৱত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বোমা সদৃশ এক সামগ্ৰী।ইয়াৰ পিছতে এই বোমা সক্ৰিয় হৈ থকাৰ সন্দেহ কৰা হয়। সেই অনুসৰিয়েই বোমা উদ্ধাৰস্থলীল ৰাওনা হয় এছ বিৰ দল। দিছপুৰ লাষ্টগেটতো উদ্ধাৰ বোমাসদৃশ সামগ্রী। এটা টেমাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ সামগ্রীখিনি এটা কেৰিবেগত ভৰাই থোৱা আছিল টেমাটো ।

মহানগৰীত বোমাতংক! সাতগাঁও, দিছপুৰৰ লাষ্টগেটত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী
মহানগৰীত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী
trishna-kalita
Trishna Kalita | Updated On: 16 Aug 2024 15:24 PM

স্বাধীনতা দিৱসৰ দিনটো অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫টা স্থানত বোমা সংস্থাপনৰ দাবী কৰিছিল আলফা (স্বা)য়ে। ইয়াৰ পাছৰে পৰা বোমা নিষ্ক্ৰিয় কৰিবলৈ চলোৱা অভিযান আজিও অব্যাহত আছে। আলফা স্বাধীনে গুৱাহাটীৰ মুঠ ৮টা স্থানত বোমা সংস্থাপনৰ দাবী কৰিছিল। চিমেনাৰ কাহিনীৰ দৰে লগা এই কথা যেন বিশ্বাস কৰিবলৈ টান পাইছে ৰাজ্যবাসীয়ে। তথাপিও একাংশৰ মনত বিৰাজ কৰিছে ভয়-শংকাই। বৃহস্পতিবাৰৰ পৰাই আৰক্ষীয়েই একান্তমনে জড়িত হৈ পৰিছে বোমা উদ্ধাৰ কাৰ্যত। আৰক্ষীৰ বাবে ই হৈ পৰিছে এক প্ৰত্যাহ্বান। বৃহস্পতিবাৰ মহানগৰীৰ ২টা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বোমাসদৃশ সামগ্ৰী। ইয়াকে লৈ এক কৌতুহলৰ মাজত আছে মহানগৰ তথা ৰাজ্যবাসী।

এই অভিযানৰ মাজতে গুৱাহাটী মহানগৰীৰ সাতগাঁৱত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বোমা সদৃশ এক সামগ্ৰী। ইয়াৰ পিছতে এই বোমা সক্ৰিয় হৈ থকাৰ সন্দেহ কৰা হয়। সেই অনুসৰিয়েই বোমা উদ্ধাৰস্থলীলৈ ৰাওনা হয় এছ বিৰ দল। উল্লেখ্য যে, বৃহস্পতিবাৰেও সাতগাঁৱত থকা সেনা বাহিনীৰ সহযোগত অসম আৰক্ষীৰ এটা দলে সাতগাঁৱৰ বিভিন্ন অঞ্চলত বোমা বিচাৰি অভিযান চলাইছিল।

ইয়াৰ পাছত এই পৰ্যন্ত গুৱাহাটীত উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰীৰ সংখ্যা ৩টালৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে গান্ধীমণ্ডপলৈ উঠি যোৱা পথৰ কাষত বি এছ এন এলৰ এটা বক্সত আৰু পানবজাৰৰ হোটেল প্ৰাগ কণ্টনেণ্টেলৰ কাষৰ এখন দোকানৰ তলত উদ্ধাৰ হৈছিল দুটাকৈ বোমাসদৃশ সামগ্ৰী। আজি পুনৰ অঞ্চলটোত চলোৱা অভিযানত চি ডি এ গেটৰ সন্মুখত এই বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আজিৰ অভিযানত অসম আৰক্ষীৰ কেইবাজনো বিষয়াৰ লগত সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সেনা বাহিনীৰ কেইবাজনো বিষয়াই নেতৃত্ব প্ৰদান কৰিছে। অভিযানকাৰী দলটোৱে আজি জেচিবিৰ সহায়ত মাটি খান্দি আলফা স্বাধীনে সংস্থাপিত কৰা আই ই ডিৰ সন্ধান চলায়। এনে সন্ধানৰ মাজতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই সামগ্ৰী। এই ক্ষেত্ৰত উদ্ধাৰ কৰা সামগ্ৰীসমূহ বোমা হয় লে নহয় পৰীক্ষাৰ পাছত হে নিশ্চিত হ’ব বুলি জনাই আৰক্ষীয়ে। এই সন্দৰ্ভত সকলো ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰিছে মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই।

ইয়াৰ মাজতে আজি দিছপুৰ লাষ্টগেটতো আৰক্ষীয়ে বোমাৰ সন্ধানত অভিযান চলাইছে। এই অভিযানত এটা প্লাষ্টিকৰ পেকেট উদ্ধাৰ হৈছিল যদিও সেই প্লাষ্টিকৰ পেকেটত বোমা নাই বুলি স্পষ্ট কৰিছে আৰক্ষীয়ে। তাৰ কিছু সময় পাছতে
পুনৰ দিছপুৰ লাষ্টগেটত উদ্ধাৰ বোমাসদৃশ সামগ্রী। এটা টেমাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ সামগ্রীখিনি এটা কেৰিবেগত ভৰাই থোৱা আছিল টেমাটো । দীর্ঘসময় ধৰি চলা অভিযানৰ অন্তত উদ্ধাৰ টেমাটো বোম ব্লেংকেটেৰে ঢাকি দিয়া হয়।

আলফা (স্বাঃ)ৰ বোমা সংস্থাপনৰ পাছতে তৎপৰ আৰক্ষী৷ পানীতোলাস্থিত অনুপ চেতিয়াৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই। ইয়াৰ পাছতে ধিং, বটদ্ৰৱা, জাজৰিৰ ১৯জনকৈ প্ৰাক্তন আলফা নেতাক কৰে। কেইবাজনো প্রাক্তন আলফা নেতাক তলব কৰি সোধা-পোছা অব্যাহত আছে।

Latest News