শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৩০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ! আমেৰিকাত গ্ৰেপ্তাৰ গুৱাহাটীৰ তন্ময় শৰ্মা

লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসক তন্ময় শৰ্মাক । ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, মূলতঃ গুৱাহাটীৰ আৰু ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ৬১ বছৰীয়া শৰ্মাই আমেৰিকাত একাধিক ফেডাৰেল অভিযোগৰ সন্মুখীন হৈছে। আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে (Central District of California) ঘোষণা কৰিছে যে শৰ্মাৰ বিৰুদ্ধে ৮ টাকৈ অভিযোগ আছে।

১৩০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ! আমেৰিকাত গ্ৰেপ্তাৰ গুৱাহাটীৰ তন্ময় শৰ্মা
তন্ময় শৰ্মা
trishna-kalita
Trishna Kalita | Published: 05 Jun 2025 16:13 PM

প্ৰৱঞ্চনাৰ অভিযোগত আমেৰিকাত গ্ৰেপ্তাৰ হৈছে অসম সন্তান৷ লছ এঞ্জেলছ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ ডাঃ তন্ময় শৰ্মাক৷  ১৪৯ মিলিয়ন ডলাৰৰ অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় ১৩শ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ গুৱাহাটীৰ তন্ময় শৰ্মাৰ বিৰুদ্ধে।  কেলিফ’ৰ্নিয়াৰ প্ৰৱাসী অসমীয়া তন্ময় শৰ্মা ছোভাৰাইন হেল্থ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া (CEO)।

লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসক তন্ময় শৰ্মাক । ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, মূলতঃ গুৱাহাটীৰ আৰু ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ৬১ বছৰীয়া শৰ্মাই আমেৰিকাত একাধিক ফেডাৰেল অভিযোগৰ সন্মুখীন হৈছে। আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে (Central District of California) ঘোষণা কৰিছে যে শৰ্মাৰ বিৰুদ্ধে ৮ টাকৈ অভিযোগ আছে। ইয়াৰ ভিতৰত তাঁৰ জালিয়াতিৰ চাৰিটা , ষড়যন্ত্ৰৰ এটা আৰু ৰোগীক ৰেফাৰেল কৰাৰ বাবে অবৈধ পাৰিশ্ৰমিক দিয়াৰ তিনিটা অভিযোগ উত্থাপন কৰা হৈছে।

বন্ধ হৈ থকা ছ’ভাৰেইন হেল্থ গ্ৰুপত কৰা দীঘলীয়া ফেডাৰেল তদন্তৰ অন্তত ২৯ মে’ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযোগ অনুসৰি ২০১৪-২০ বৰ্ষৰ ভিতৰত চিকিৎসাৰ নামত ১৪৯ মিলিয়ল ডলাৰৰ ভুৱা ইঞ্চুৰেঞ্চ দাখিল কৰিছিল শৰ্মাই। ২০১৪ৰ পৰা ২০২০ চন পর্যন্ত নিচাসক্ত বিভিন্ন মার্কেটিং কৌশলেৰে আকৰ্ষণ কৰি বিনামূলীয়া চিকিৎসাৰ প্রলোভন দিছিল শৰ্মাৰ হেলথ গ্ৰুপৰ কৰ্মচাৰীয়ে। শৰ্মাৰ নিৰ্দেশতে কোম্পানীৰ কৰ্মচাৰীসকলে ৰোগীৰ নাম, জন্মৰ তাৰিখ আৰু সামাজিক নিৰাপত্তা নম্বৰ সংগ্ৰহ কৰে। এই তথ্যসমূহেৰে বীমা কোম্পানীত ৰোগীৰ নাম পঞ্জীয়ণ কৰে সম্পূৰ্ণ ৰোগীৰ অজ্ঞাতে। পিচত বীমা কোম্পানীৰ পৰা কৰ্মচাৰীসকলে নিজকে ৰোগী সাজি কোটি কোটি টকা ধন দাবী কৰে।

ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা, আনকি ইউৰিন এনালাইছিছৰ নামতো ২৯ নিযুত ডলাৰৰো অধিক ধন বীমা কোম্পানীসমূহৰ পৰা উলিয়াই নিয়ে শৰ্মাৰ কোম্পানীটোৱে।  দোষী সাব্যস্ত হ’লে শৰ্মাই ২০ বছৰৰো অধিক কাল মার্কিন কাৰাগাৰত থাকিব লাগিব তন্ময় ।  ইয়াৰ উপৰিও তেওঁৰ সহকৰ্মী পল জিন চেন খোৰকো এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে তেওঁ নিজকে দোষমুক্ত বুলি স্বীকাৰ কৰিছে। ২৯ জুলাইত অনুষ্ঠিত হ’ব এই অভিযোগৰ বিচাৰ।

১৯৮৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰ চফদৰজং হাস্পতালত ইন্টাৰ্ণ কৰা শৰ্মাই পিছত বিদেশলৈ গুচি যায় আৰু মানসিক গৱেষণা আৰু নিচা চিকিৎসাৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তি হিচাপে পৰিগণিত হয়। গুৱাহাটীৰ বামুণীমৈদামৰ অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰী প্ৰয়াত ফণী শৰ্মাৰ বৰপুত্ৰ ডাঃ তন্ময় শৰ্মা৷। তেওঁৰ গ্ৰেপ্তাৰৰ ঘটনাই অসমীয়া প্ৰবাসী আৰু বিশ্ব চিকিৎসা সমাজ উভয়ৰে মাজেৰে জোঁকাৰণিৰ সৃষ্টি কৰিছে।