শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্ঘটনাৰ পাছত কিয় পলাই গৈছিল আন্নায়াতুল? নম্ৰতাৰ মৃত্যু সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…

শ্বিলঙত মৃত্যু হোৱা নম্ৰতা সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। এই ঘটনাত সাঙোৰ খাইছে এ আই ইউ ডি এফৰ বিধায়কৰ পুত্ৰৰ নামো। ২৫ বছৰীয়া নম্ৰতা বৰা এলএলবি কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছিল।

দুৰ্ঘটনাৰ পাছত কিয় পলাই গৈছিল আন্নায়াতুল? নম্ৰতাৰ মৃত্যু সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…
যুৱতীগৰাকীImage Credit source: news18assam
barasha-sarma
Barasha Sarma | Published: 05 Jun 2025 17:36 PM

বন্ধু-বান্ধৱীৰ সৈতে শ্বিলঙলৈ ফুৰিব গৈ মৃত্যুক সাৱতি লোৱা নম্ৰতা সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। নুমলীগড়ৰ যুৱতীগৰাকীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে। এই সন্দৰ্ভত পৰিয়ালে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত ন্যায়ৰ দাবী জনায়। বৰ্তমানলৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৩ জুনৰ নিশা প্ৰায় ১.৩০ বজাত যুৱতীগৰাকীৰ ওচৰত বান্ধৱীৰ ফোন আছিল। তাৰ পাছতে নম্ৰতা প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰ সৈতে ওলাই গৈছিল। এই সন্দৰ্ভত নম্ৰতাই পৰিয়ালৰ লোকক অৱগত কৰা নাছিল।

কিন্তু ৪ জুনৰ পুৱা সংঘটিত হয় অনাকাংক্ষিত এক ঘটনা। পৰিয়ালে খবৰ লাভ কৰে যে মেঘালয়ৰ ৰিভয় জিলাত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে নম্ৰতাৰ।  ইয়াৰ বিপৰীতে সামান্য পৰিমাণে আহত হৈছে বাকীকেইজন বন্ধু। পৰিয়ালক জনোৱা হৈছিল যে নম্ৰতাহঁতৰ বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এই কথা মানি ল’ব বিচৰা নাই পৰিয়ালৰ লোকে। কিয়নো বাকী বন্ধু কেইজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, আন্নায়াতুলৰ বাহনেৰে ওলাই গৈছিল আটাইকেইজন। এই যুৱকজন এ আই ইউ ডি এফৰ বিধায়কৰ পুত্ৰ তথা এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি । অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত আটাইকেইজন বন্ধুক এৰি পলায়ন কৰিছিল আন্নায়াতুল ৱাদুদ।  তাৰ পাছতে মৃগাংক বৰুৱা, প্ৰজ্ঞা বৰাই ৰাজপথেৰে চলাচল কৰা বাহন ৰখাই নম্ৰতাক নংপো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু তেতিয়ালৈকে মৃত্যু হৈছিল নম্ৰতাৰ।

ঘটনা সন্দৰ্ভত তদন্ত কৰি নংপো আৰক্ষীয়ে ফোন কৰি আন্নায়াতুলক থানালৈ মাতে। তেতিয়া আন্নায়াতুলে কয় যে ইছমাইল হক চৌধুৰী নামৰ এজনেহে বাহনখন চলাই আছিল। আন্নায়াতুলে স্বীকাৰোক্তি দিয়ে যে ৰখাই থোৱা ট্ৰাকৰ আলকজাৰ বাহনখনে খুন্দা মাৰিছিল। কিন্তু এই স্বীকাৰোক্তিৰ পাছতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। কিয়নো যদিহে ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিছিল কিয় গাড়ীৰ আগৰ অংশ একো ক্ষতি হোৱা নাছিল। মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে স্পষ্ট আছিল। যাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ।

২৫ বছৰীয়া নম্ৰতা বৰা এলএলবি কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছিল। কিন্তু হঠাতে মাজনিশা ৰুক্মিনীগাঁৱৰ পৰা ওলাই যোৱা নম্ৰতাই মৃত্যুক সাৱতি লয়। এতিয়া এই মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালে জনোৱা মতে, নম্ৰতাই কেতিয়াও ঘৰত অৱগত নকৰাকৈ ওলাই নাযায়। ইয়াৰোপৰি নম্ৰতা ওলাই যোৱাৰ সময়ত আইফোনটো ভাড়াঘৰতে এৰি থৈ গৈছিল, আনকি কোঠাৰ দুৱাৰো খোলা নাছিল। গতিকে এয়া কোনো পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰলোকে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে সম্পন্ন হৈছে নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষা। নিশা নম্ৰতা কিয় ওলাই গৈছিল, পুৱতি নিশা কিয় শ্বিলঙৰ পৰা উভতিছিল আদি বিভিন্ন প্ৰশ্নই এতিয়া পাকঘূৰণি খাই আছে।  গতিকে আৰক্ষীৰ তদন্তৰ পাছতে প্ৰকৃত সত্য পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ শ্বিলঙত মৃত্যু অসমৰ যুৱতীৰ, ৫ বন্ধু-বান্ধৱীৰ সৈতে গৈছিল ফুৰিবলৈ…