শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাধীনতা দিৱসৰ দিনটোতে মেৰাপানীত অঘটন, নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি তিনি অসমীয়া যুৱক…

মেৰাপানীত অঘটন। নাগালেণ্ডত বনভোজ খাবলৈ যোৱা তিনিজনকৈ অসমীয়া যুৱকক নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নগাৰ আক্ৰমণত যুৱক কেইজন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন যুৱক গুলিবিদ্ধ হোৱাৰো অভিযোগ উত্থাপন হৈছে।

স্বাধীনতা দিৱসৰ দিনটোতে মেৰাপানীত অঘটন, নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি তিনি অসমীয়া যুৱক…
মেৰাপানীত অঘটন
manas-borah
Manas Borah | Published: 16 Aug 2025 00:08 AM

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে অঘটন মেৰাপানীত। স্বাধীনতা দিৱসৰ উপলক্ষে বনভোজ খাবলৈ যোৱা অসমৰ যুৱকক নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে, অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

সীমান্তৱৰ্তী নাগালেণ্ডত বনভোজ খাবলৈ যোৱা তিনিজনকৈ অসমীয়া যুৱকক নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নগাৰ আক্ৰমণত যুৱক কেইজন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন যুৱক গুলিবিদ্ধ হোৱাৰো অভিযোগ উত্থাপন হৈছে। নাগালেণ্ডৰ সীমাৰেখাৰ ভিতৰত বনভোজ খোৱাৰ অপৰাধতে নগা দুৰ্বৃত্তৰ দলটোৱে যুৱক কেইজনক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, এয়াৰ গানেৰে গুলিবিদ্ধ কৰে এজন যুৱকক। ইফালে আন দুজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে নগা দুৰ্বৃত্তৰ দলটোৱে। স্বাধীনতা দিৱসৰ দিনটোত বনভোজ খোৱাৰ উদ্দেশ্যে স্থানীয় কদমগুৰি অঞ্চলৰ পৰা সমীপৰে নাগালেণ্ডৰ ৰুণীবস্তিত বনভোজ খাবলৈ গৈছিল অসমীয়া যুৱক তিনিজন। বনভোজ খাই ঘৰলৈ ওভতিবলৈ লোৱাৰ সময়তে নগাৰ দল এটাই আগ ভেটি ধৰে যুৱককেইজনক।

ইয়াৰ পাছতেই কোনো কাৰণ নোহোৱাকৈ যুৱককেইজনক উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে নগাৰ দুৰ্বৃত্তৰ দলটোৱে। নগাই চিমচাত বসুমতাৰী আৰু সুব্ৰত নায়ক নামৰ যুৱক দুজনক বেয়াকৈ মাৰধৰ কৰা দেখি প্ৰকাশ বড়ো নামৰ যুৱকজন পলাবলৈ লঁওতেই এয়াৰ গানেৰে গুলী কৰে নগাৰ দলটোৱে। ফলত প্ৰকাশ বড়োৰ তপিনাত গুলী লাগে আৰু প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হয়।

পাছত কৌশলেৰে পলাই আহি যুৱক তিনিজন মেৰাপানী সমূহীয়া চিকিৎসালয়ত উপস্থিত হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যুৱককেইজনক গোলাঘাট সদৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।