এই ৰাতিৰ অভ্যাসে আপোনাৰ টোপনি নষ্ট কৰিব পাৰে

15 Aug 2025

TV9 ASSAM

Photos Credit: Getty Images

নিদ্ৰাহীনতাই বহু ৰোগৰ সমস্যা সৃষ্টি কৰিব পাৰে। মানসিক চাপৰ মূল কাৰণ হৈছে নিদ্ৰাহীনতা।

মানসিক চাপ

যদি আপোনাৰ ৰাতি ভালদৰে টোপনি নাহে বা টোপনি আহিবলৈ বহু সময়ৰ প্ৰয়োজন হয় তেন্তে এই অভ্যাস ত্যাগ কৰক।

অভ্যাস

ৰাতি শোৱাৰ আগত কেতিয়াও কফি সেৱন কৰিব নালাগে। কফিত থকা কেফেইনে মেলাটনিন উৎপাদনত বাধাৰ সৃষ্টি কৰে । ইয়াৰ ফলত টোপনি হ্ৰাস পায়।

কফি

ডাৰ্ক চকলেট বেছিকৈ খালে টোপনিৰ সমস্যা সৃষ্টি কৰিব পাৰে। ডাৰ্ক চকলেটত থকা কেফেইন আৰু থিওব্ৰ’মাইনে হৃদস্পন্দন বৃদ্ধি কৰে।

ডাৰ্ক চকলেট

ৰাতি কেতিয়াও শীতল পানীয় সেৱন নকৰিব। নিশা শীতল পানীয় খালে শৰীৰত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হয় আৰু টোপনিৰ সমস্যা সৃষ্টি হয়।

শীতল পানীয়

বহুতৰে ৰাতি জলা খাদ্য খোৱাৰ অভ্যাস আছে। ই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে আৰু টোপনিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

জলা খাদ্য

ৰাতি আইচক্ৰীম খোৱাৰ পৰা বিৰত থাকিব লাগে । ই গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰিব আৰু ইয়াত থকা চৰ্বিয়ে হজম শক্তি লেহেমীয়া কৰে। টোপনিৰ সমস্যা হ'ব পাৰে।

আইচক্ৰীম

পঢ়িবলৈ ক্লিক কৰক

এই ভুলৰ বাবে আপোনাৰ হোৱাটছএপ একাউণ্ট ব্লক হ'ব পাৰে