শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিজনীত কিয় কবৰ খান্দি উলিওৱা হ’ল যুৱতীৰ মৃতদেহ…

বিজনীত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। কবৰ খান্দি উলিওৱা হয় এগৰাকী যুৱতীৰ মৃতদেহ। মৃত্যুৰ প্ৰায় ৬ দিন পাছত বিজনীৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতি কবৰ খান্দি উলিওৱা হয় ২০ বছৰীয়া যুৱতীৰ মৃতদেহ।

বিজনীত কিয় কবৰ খান্দি উলিওৱা হ’ল যুৱতীৰ মৃতদেহ…
অসম
barasha-sarma
Barasha Sarma | Published: 10 Dec 2024 12:43 PM

কিছুদিন পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড। পাষাণ শিক্ষকৰ কামনাৰ বলি হোৱা এগৰাকী যুৱতীয়ে অকালতে সাৱতি ল’ব লগা হৈছিল মৃত্যুক । এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিভিন্নজনে দোষীৰ শাস্তি দাবী জনায়। এই ঘটনা সন্দৰ্ভত বিজনী থানাত এজাহাৰ দাখিল কৰিছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰন চিৰাং জিলা সমিতিয়ে। এজাহাৰৰ ভিত্তিতেই যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰায় ৬ দিন পাছত কবৰ খান্দি উলিওৱা হয় মৃতদেহ। সোমবাৰে বিজনীৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতি যুৱতীগৰাকীৰ মৃতদেহ কবৰৰ পৰা উলিয়াই অনা হয়।

জানিব পৰা মতে, ঘটনাৰ তদন্তৰ খাতিৰত যুৱতীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। যুৱতীগৰাকীৰ মৃতদেহ কবৰৰ পৰা উলিওৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত থাকে বিজনী মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ দেবাংগন শৰ্মা, চিকিৎসক, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস আদি। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি বল্লমগুৰি এম ভি স্কুলৰ সহ শিক্ষক তথা ২ নং পুৰাদিয়া নিবাসী জুমৈশ্ৰাং ব্ৰহ্ম ওৰফে যাথিয়ে ২০ বছৰীয়া যুুৱতীগৰাকীক ধৰ্ষণ কৰিছিল। ২০২৩ চনৰ পৰা শিক্ষকগৰাকীৰ ঘৰত বনকৰা হিচাপে আছিল যুৱতীগৰাকী। কিন্তু পিতৃহীনা যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাইছিল লম্পট শিক্ষকগৰাকীয়ে, যাৰ পাছত তেওঁ গৰ্ভৱতী হয়।  গৰ্ভৱতী হোৱাৰ কথা গম পাই দুৰ্গা পূজাৰ  সময়ত যুৱতীগৰাকীক ঘৰত থৈ যায় জুমৈশ্ৰাং ব্ৰহ্ম ওৰফে যাথিয়ে।

কিছুদিন পাছতেই যুৱতীগৰাকীৰ শাৰীৰিক পৰিবৰ্তন ঘটে, যাৰ ফলত স্থানীয় ৰাইজৰ সন্দেহ হয়। পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে সকলো কথা খুলি কয় আৰু তেতিয়াই পোহৰলৈ আহে শিক্ষকগৰাকীৰ জঘন্য কাণ্ডৰ কথা। ইয়াৰ পাছতে স্থানীয় আশা কৰ্মীৰ সহযোগত যুৱতীগৰাকীক চোৱাচিতা কৰা হয় আৰু আজিৰ পৰা কিছুদিন আগতে যুৱতীগৰাকীকস হাস্পাতালত ভৰ্তি কৰোৱা হয়।

কিন্তু হাস্পাতালত যুৱতীগৰাকীয়ে এটা মৃত সন্তান জন্ম দিয়ে। ইয়াৰোপৰি স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যুৱতীগৰাকীৰ পাছলৈ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে আৰু বিভিন্নজনে দোষীৰ শাস্তিৰ দাবী কৰে। ইয়াৰ মাজতে যুৱতীগৰাকীৰ মৃত্যুৰ কথা গ’ম পাই পলায়ন কৰে অভিযুক্ত শিক্ষক জুমৈশ্ৰাং ব্ৰহ্ম ওৰফে যাথিয়ে।  ব্যক্তি বিশেষৰ লগতে চিৰাং জিলা আছাই শিক্ষকগৰাকীক ফাঁচী দিয়াৰ দাবী জনায়। গতিকে এই সমগ্ৰ ঘটনাৰ তদন্তৰ খাতিৰতে আৰক্ষীয়ে  মৃতদেহ খান্দি উলিয়ায়। অৱশ্যে তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

Latest News