শিক্ষকৰ নামত কলংক! অন্তঃসত্বা হৈ বনকৰা যুৱতীৰ অকাল মৃত্যু…
এজন শিক্ষকৰ কু কৰ্মৰ বাবে অকালতে প্ৰাণ হেৰুয়াই এগৰাকী যুৱতীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি জুমাশ্ৰাং বসুমতাৰী লোকজনে কু কাণ্ড কৰি অন্তঃসত্বা কৰে এগৰাকী যুৱতীক আৰু পাছলৈ এই যুৱতীগৰাকীৰ মৃত্যু হয়।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণ মনোবৃত্তিৰলোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজনলোকৰ কামনাৰ বলি হয় এগৰাকী যুৱতী। নীচ মানসিকতাৰ এজনলোকৰ বাবে অন্তঃসত্বা হৈ একালতে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী নিৰীহ যুৱতীয়ে। এই ঘটনাই মানৱ সমাজক লজ্জিত কৰাৰ লগতে ঘটনা সংঘটিত হোৱা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এজন শিক্ষকৰ কামনাৰ বলি গৈ মৃত্যুক সাৱতি লয় এগৰাকী বনকৰা যুৱতীয়ে। এইখন অসমতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
বিজনীৰ পৰা পোহৰলৈ আহিছে এই জঘন্য ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি জুমাশ্ৰাং বসুমতাৰী লোকজনে ধৰ্ষণ কৰি অন্তঃসত্বা কৰে এগৰাকী যুৱতীক আৰু পাছলৈ এই যুৱতীগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে আজিৰ পৰা কিছুদিন আগত অৰ্থাৎ ২০২৩ বৰ্ষত যুৱতীগৰাকীক শিক্ষকগৰাকীয়ে বন কৰা যুৱতী হিচাপে ঘৰলৈ লৈ গৈছিল। কিন্তু পিতৃহীনা যুৱতীগৰাকীক শিক্ষকগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল আৰু পৰৱৰ্তী সময়ত তেওঁ গৰ্ভৱতী হৈছিল।
যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ কথা গ’ম পাই শিক্ষকগৰাকীয়ে তেওঁক পুনৰ ঘৰত থৈ যায়। কিন্তু ঘৰত থৈ যোৱাৰ কেইটামান দিন পাছতেই যুৱতীগৰাকীৰ শাৰীৰিক পৰিবৰ্তন ঘটে আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে। গাঁৱবাসীয়ে প্ৰশ্ন কৰাত যুৱতীগৰাকীয়ে সকলো কথা খুলি কয় আৰু জনাই যে শিক্ষকগৰাকীয়ে তেওঁক যৌন নিৰ্যাতন চলাইছিল। এই ঘটনাৰ পাছতেই স্থানীয় আশাকৰ্মীৰ তত্বাৱধানত যুৱতীগৰাকীক চোৱা-চিতা কৰা হয় আৰু কিছুদিন পূৰ্বে হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু যোৱা ২৯ নৱেম্বৰত যুৱতীগৰাকীয়ে এটা মৃত সন্তান জন্ম দিয়ে । আনহাতে পুষ্টিহীনতাৰ অভাৱত যুৱতীগৰাকীৰ স্বাস্থ্যৰো অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
যোৱা ৬ দিন ধৰি বঙাইগাঁৱৰ স্বাগত হাস্পাতালত জীৱন- মত্যুৰে যুঁজি যুঁজি যুৱতীগৰাকীয়ে অৱশেষত অকাল মৃত্যুক সাৱতি লয়। এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই স্থানীয়লোকৰ মাজত ক্ষোভৰ সৃষ্টি হয় আৰু দোষীৰ উচিত শাস্তিৰ দাবী জনায়। কিন্তু এই সমগ্ৰ কথা জানিব পাৰি পলায়ন কৰে অভিযুক্ত শিক্ষক তথা বল্লমগুৰি এম ভি স্কুলৰ সহ শিক্ষক জুমাশ্ৰাং বসুমতাৰী ওৰফে যাথিৰে।
যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই স্থানীয়লোকে অভিযুক্তৰ বিৰুদ্ধে বিজনী থানাত এজাহাৰ দাখিল কৰে। কিন্তু এই পৰ্যন্ত অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। স্থানীয়লোকে জনাই যে, দুৰ্গা পূজাৰ সময়ত যুৱতীগৰাকীক শিক্ষকগৰাকীয়ে থৈ গৈছিল আৰু পাছত তেওঁ গৰ্ভৱতী হোৱাৰ কথা পোহৰলৈ আহিছিল। শিক্ষক এগৰাকীৰ কু কৰ্মৰ বাবে এগৰাকী দুৰ্ভগীয়া যুৱতীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। গতিকে দোষীক আটক কৰাৰ লগতে উপযুক্ত শাস্তি বিহাৰ দাবী জনাই স্থানীয়লোকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।