এওঁলোক ডবা খেলৰ মন্ত্ৰী, যেতিয়াই য’তে মন যায় দিব পাৰে: নতুন মন্ত্ৰীত্বক লৈ ক’লে ভূপেন বৰাই…
প্ৰথমে মন্ত্ৰীসভাৰ ৰদবদল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ। তাৰ পাছত ভূপেন বৰাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। নতুন মন্ত্ৰীত্বক লৈ ভূপেন বৰাই কয়, "এইবোৰ ডবা খেলৰ মন্ত্ৰী। যেতিয়াই য'তে মন যায় দিব পাৰে।" ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ, "ভূপেন বৰাই মোক ন'বেল বঁটা দিব লাগে।"
পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু APCCৰ সভাপতিৰ মাজত তীব্ৰ বাক-বিতণ্ডা ভূপেন বৰা। প্ৰথমে মন্ত্ৰীসভাৰ ৰদবদল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ। তাৰ পাছত ভূপেন বৰাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। নতুন মন্ত্ৰীত্বক লৈ ভূপেন বৰাই কয়, “এইবোৰ ডবা খেলৰ মন্ত্ৰী। যেতিয়াই য’তে মন যায় দিব পাৰে।” ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ, “ভূপেন বৰাই মোক ন’বেল বঁটা দিব লাগে।”
সাংবাদিকৰ আগত ভূপেন বৰাৰ মন্তব্য, “যিটো কথা মই আগতীয়াকৈ কৈ আছিলো এতিয়া সেইটো কাগজে কলমে ওলাইছে। এইখন চৰকাৰত এজনে মানুহ আছে, এজনে মন্ত্ৰী আছে, এজনে মুখ্যমন্ত্ৰী আছে। দাদা BRIGADE দুই এজনৰ কথা বেলেগ। এইখন একনায়কত্ববাদী চৰকাৰ। এটা পৰিয়ালৰ ক্ষমতা, এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধিত গোটেই চৰকাৰখন উচৰ্গিত। এই চৰকাৰখন অসমৰ ৰাইজক লৈ দ্বায়বদ্ধ নহয়। অসমত ছিণ্ডিকেট চলাই ঝাড়খণ্ডত কেনেকৈ নিৰ্বাচন খেলিব? ইয়াত ছিণ্ডিকেটৰ নামত লুট-পাট চলাই মহাৰাষ্ট্ৰত কেনেকৈ চৰকাৰ ভাঙিব, গোৱাত কেনেকৈ চৰকাৰ ভাঙিব?”
তেওঁ লগতে কয় “অসমত যেনেকৈ ব্ৰিটিছৰ সময়ত আমি শোষণ-লুণ্ঠনৰ স্থলী আছিলো। এতিয়া বিজেপিৰ শোষণ-লুণ্ঠনৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে অসম। সেই লুণ্ঠনৰ সঁজুলি হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমত নতুনকৈ হোৱা মন্ত্ৰীসভাৰ ৰদবদল সন্দৰ্ভত ভূপেন বৰাই কয়, “পুতলা মন্ত্ৰী ভাল, পুতলা মন্ত্ৰী নহয় এইবোৰ ডবা খেলৰ মন্ত্ৰী। যেতিয়াই য’তে মন যায় দিব পাৰে।”
বিৰোধী শক্তি একত্ৰিত হোৱাক লৈ ভূপেন বৰাই কয়, “আমি এই কথা আৰম্ভণিৰে পৰা কৈ আহিছোঁ। বিজেপিৰ বিৰুদ্ধে এই যুঁজত কংগ্ৰেছ দলে সকলো বিৰোধী শক্তিক একত্ৰিত হোৱাটো বিচাৰো। এই চিন্তাৰ ৰূপৰেখা হিচাপে যিসকলে অকলে-অকলে বিজেপিৰ বিৰুদ্ধে যুজি আছে আমি সকলোকে একত্ৰিত কৰিব বিচাৰিছোঁ। তেনে বহু সংগঠনৰ ব্যক্তি, ৰাজনৈতিক দলৰ ব্যক্তি আমাৰ দলত দেখিব। নতুন বছৰত অসমৰ বহুতো প্ৰাক্তন মন্ত্ৰী-বিধায়ক, বিভিন্ন ধৰণৰ নেতা-কৰ্মী, ছাত্ৰ নেতাই ষোগদান কৰিব। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো জাতীয় স্বাৰ্থত বিজেপিৰ বিৰুদ্ধে, সাম্প্ৰদায়িক বিভাজনৰ নীতিৰ বিৰুদ্ধে যুজিবলৈ আমি কংগ্ৰেছ দলে একেখন মঞ্চত থিয় কৰাব লাগিব।”
ইয়াৰ পাছতে ভূপেন বৰাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “মুখ্যমন্ত্ৰী ময়, ময়েই সকলো কৰিব লাগিব। ভাল হওক বা বেয়া হওক গালি ময়েই খাম। মই যদি কৰি থকা বাবেই বিনা পইচাই ডেৰ লাখ ল’ৰাই চাকৰি পাইছে। মই কৰি থকা বাবেই ভাল পানী ষোগান আঁচনি হৈছে, ৩০ লাখ মহিলাই ১০ তাৰিখে ৰাতিপুৱা একাউণ্টত পাইছে, তেন্তে আপত্তি ক’ত?মই কৰি থকা বাবেই জিলাই জিলাই বিশ্ব বিদ্যালয় হৈছে, মেডিকেল কলেজ হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে। ভূপেন বৰাই মোক ন’বেল বঁটা দিব লাগে।”
ইয়াৰ উপৰিও অসমলৈ বাংলাদেশীৰ ব্যাপক অনুপ্ৰৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে। আমি প্ৰতি দিনাই ধৰি আছো। কিন্তু সকলোকে যে ধৰিছোঁ আমি গেৰাণ্টি দি ক’ব নোৱাৰো। এতিয়া অন্তত NRC আবেদন কৰাৰ প্ৰমাণ পালে ১৪ৰ পাছত সোমোৱা মানুহে আধাৰ পাব নোৱাৰিব।”