Bhupen Hazarika Centenary Event: দেশজুৰি ক’ত, কেনেদৰে উদযাপন কৰা হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী? সবিশেষ জানক…
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "এই উদযাপনত ভাৰতীয় সংগীত, সংস্কৃতি, আৰু সমাজত হাজৰিকাৰ উল্লেখযোগ্য প্ৰভাৱ প্ৰতিফলিত হ’ব"। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰে তেওঁৰ সন্মানত ১০০ টকাৰ ৰূপৰ স্মৃতি মুদ্ৰাৰ অনুমোদন জনাইছে। ইয়াক কিংবদন্তি সংগীতজ্ঞজনৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে।

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। অসমত ৮ ছেপ্টেম্বৰৰ পৰা জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ’ব কাৰ্যসূচী। গুৱাহাটীৰ খানাপাৰ ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। সমান্তৰালভাৱে সমগ্ৰ অসমতে একেলগে আয়োজন কৰা হ’ব সাংস্কৃতিক অনুষ্ঠান।
১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই ভাৰ্চুৱেলী সভাত অংশগ্ৰহণ কৰিব আৰু ৰাজ্যিক অতিথি হিচাপে উপস্থিত থাকিব।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এই উদযাপনত ভাৰতীয় সংগীত, সংস্কৃতি, আৰু সমাজত ভূপেন হাজৰিকাৰ উল্লেখযোগ্য প্ৰভাৱ প্ৰতিফলিত হ’ব”। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰে তেওঁৰ সন্মানত ১০০ টকাৰ ৰূপৰ স্মৃতি মুদ্ৰাৰ অনুমোদন জনাইছে। ইয়াক কিংবদন্তি সংগীতজ্ঞজনৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে।
শতবাৰ্ষিকী পৰিকল্পনাৰ ভিতৰত অসমৰ লগতে অৰুণাচল প্ৰদেশ, কলকাতা, নতুন দিল্লী, আৰু মুম্বাইত আউটৰিচ ইনিচিয়েটিভ, বিশেষ প্ৰকাশন আৰু সাংস্কৃতিক প্ৰদৰ্শনী আদি অন্তৰ্ভুক্ত কৰা হৈছে। শতবাৰ্ষিকীত ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত সংগ্ৰহালয়ৰ আধাৰশিলাও স্থাপন কৰা হ’ব।
ক’ত, কিদৰে কৰা হ’ব উদযাপন?
- ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা।
- ৮ ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী গুৱাহাটীৰ খানাপাৰ ফিল্ডত অনুষ্ঠিত হ’ব।
- উক্ত দিনটোত ১ হাজাৰ যুৱক-যুৱতীয়ে ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটো পৰিৱেশন কৰিব।
- হাজৰিকাই অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা শদিয়াত জন্মগ্ৰহণ কৰাৰ লগতে পাছৰ বহু সময় পশ্চিমবংগত কটাইছিল। গতিকে এই ৰাজ্য দুখনত স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।
- মহাৰাষ্ট্ৰ তথা মুম্বাইত হাজৰিকাৰ বহু অনুগামী আছে । তাত তেওঁ সংগীতৰ কামৰ বাবে বহু সময়ত কটাইছিল। গতিকে তাতো স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।
- ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত মণ্ডপমত ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব।
- বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ লগত ভূপেন হাজৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল। তেওঁৰ বাবে এই বিশ্ববিদ্যালয়ত এখন আসন ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ।
- ভূপেন হাজৰিকাৰ নামত পোষ্টেল ষ্টাম্প আছে। এই সময়ত তেওঁৰ নামত এটা মুদ্ৰা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
- ভূপেন হাজৰিকাৰ নামত এখন পুস্তিকা উলিওৱা হৈছে। আটাইকেইটা দিশ সামৰি অনুৰাধা শৰ্মা পূজাৰীয়ে পুথিখন লিখি উলিয়াইছে। বৰ্তমান ইয়াৰ পুনৰীক্ষণৰ কাম চলি আছে। তাৰ পাছত এই পুথিখন ২৩ টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হ’ব। পাছত ইয়াৰ ৪ লাখ কপি ভাৰতৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত যোগান ধৰা হ’ব।
অসমৰ নৱ-প্ৰজন্মৰ মাজত ভূপেন হাজৰিকাক জীয়াই ৰাখিবলৈ ১০ ৰ পৰা ১২ লাখ প্ৰতিলিপি মানুহৰ ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰা হ’ব। - আমেৰিকাত থকা প্ৰৱাসীসকলক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰাৰ বাবে আহ্বান জনোৱা হ’ব।
ইফালে ব্ৰহ্মপুত্ৰৰ ব’ৰ্ডৰ এবছৰজোৰা শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণিতে মুম্বাইৰ টাটা থিয়েটাৰত তাৰকাৰে ভৰা সংগীত সন্ধিয়াৰ জৰিয়তে স্মৰণ কৰা হ’ব কিংবদন্তি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক। ৭ ছেপ্টেম্বৰত এনচিপিএত অনুষ্ঠিত হ’বলগীয়া “গংগা বেহতী হ্যে কিউ”ত উষা মংগেশকাৰ, অনুপ জালোটা, সুৰেশ ৱাডকাৰ, আৰু জুবিন গাৰ্গকে ধৰি ভাৰতৰ বহুকেইগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী একত্ৰিত হ’ব।
৮ ছেপ্টেম্বৰত গুৱাহাটীত ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপযাপনৰ পূৰ্বে মুম্বাইৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত শিল্পীগৰাকীক সন্মান জনাই এক স্মৃতি ষ্টাম্প মুকলি কৰাৰ সম্ভাৱনা আছে।
ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আছুৱে গ্ৰহণ কৰিছে বছৰজোৰা কাৰ্যসূচী । ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । ছাত্র সন্থাই ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে ৰূপায়ণ কৰিব কিছু কাৰ্যসূচী। কাৰ্যসূচী মতে ৮ ছেপ্টেম্বৰত ৰাজ্যজুৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব ‘উদ্দীপনা’ অনুষ্ঠান। লগতে সেই দিনটোত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত জিলা ছাত্ৰ সন্থাসমূহে পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব।
লগতে পঢ়ক: গোলকগঞ্জত আৰক্ষীৰ জালত পিতা-পুত্ৰ, হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ