শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
পুৱাৰ খবৰ
manas-borah
Manas Borah | Updated On: 09 Jul 2025 08:29 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. ৰাজ্যত বান-ভূমিস্খলনৰ ফলত আৰু এজনৰ মৃত্যু। ইয়াৰ লগে লগে ৰাজ্যখনত মৃত্যুৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি। ইফালে ৰাজ্যৰ ছয়খন জিলাৰ ৩২ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত। গোলাঘাট, হোজাই, নগাঁও, শিৱসাগৰ, যোৰহাট আৰু কাৰ্বি আংলঙৰ ছয়খন জিলাৰ ১৩টা ৰাজহ চক্ৰ আৰু ১৬৯খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।
  2. মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ১৪৪ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। অসম কংগ্ৰেছৰ মুৰব্বী গৌৰৱ গগৈ, দেবব্ৰত শইকীয়া, ভূপেন কুমাৰ বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, ৰিপুন বৰা, জাকিৰ হুছেইন শিকদাৰ আৰু আব্দুল খালেককে ধৰি ১৪৪ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অনুমোদন জনায়।
  3. আজি দেশজোৰা ধৰ্মঘট আহ্বান জনাইছে শ্ৰমিক সংগঠনে। দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু কৃষক সংগঠনসমূহে যৌথভাৱে আজি দেশজোৰা ধৰ্মঘচৰ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম সংহিতা বাতিল কৰাৰ লগতে ব্যক্তিগতকৰণ, কৃষকক উচ্ছেদ বন্ধ কৰা দাবীতে এই ধৰ্ঘঘটৰ আহ্বান জনাইছে শ্ৰমিকসকলে।
  4. চাপৰৰ উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ১০ জুলাইত পুনৰ চলিব উচ্ছেদ। চাপৰত ৯০% ৰাইজ নিজে আঁতৰি গৈছে, বাকী ১০%তহে উচ্ছেদ কৰিব লগীয়া হৈছে। ইফালে অখিল গগৈক আটক সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈয়ে অখিল গগৈৰ কাম কৰিব আৰু মই মোৰ কাম কৰি যাম।
  5. ৰাজ্যৰ বিৰোধী দলসমূহে পুনৰ ভোট বেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে বিৰোধীয়ে বেদখলকাৰীৰ পক্ষ লোৱাৰো অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ চাপৰত চলোৱা উচ্ছেদ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, সমগ্ৰ ৰাজ্যতে অবৈধভাৱে দখল কৰা ভূমি পুনৰুদ্ধাৰৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
  6. প্ৰমোদ বড়ো আৰু সদৌ বডো ছাত্ৰ সন্থাৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত যোৱা BTR ৰ এটা প্ৰতিনিধি দলে মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি, প্ৰতিনিধি দলটোৰ এটা মূল দাবী আছিল ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ নেতা ৰঞ্জন দৈমাৰীকে ধৰি নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ ছয়জন কেডাৰক মুকলি কৰি দিয়া। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক তেওঁলোকৰ মুক্তিৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি বিষয়টো চোৱা-চিতা কৰা হ’ব বুলি আশ্বাস দিয়া বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

লগতে পঢ়ক:আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? চাওক ৰাশিফল…