৭ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ‘পুচ বেক’, মুখ্য়মন্ত্ৰীয়ে ক’লে এইদৰে…
শনিবাৰে পুনৰ ৭ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা ভাৰতলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ অব্যাহত আছে। কাৰণ দেখা গৈছে যে, যোৱা সময়ছোৱাত প্ৰায়ে অসম-বাংলাদেশ সীমান্তৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰি আহিছে অসম আৰক্ষীয়ে। যিসকলক পুচ বেক কৰিছে তেওঁলোকক অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰিছে আৰক্ষীয়ে। যাৰ তথ্য সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰি আহিছে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য় যে, শনিবাৰে পুনৰ ৭ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এই ৭ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভিতৰত এগৰাকী মহিলাও অন্তৰ্ভুক্ত। এই অভিযান সুচাৰুৰূপে চলোৱাৰ বাবে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
At 12:15 AM, 7 illegal entrants were sent back through Gate 39 in a move so smooth even Ethan Hunt would call it “Mission Accomplished.”
Kudos to our security forces who pulled this off with Fast & Furious speed and stood firm like Sunny Deol at the Border. pic.twitter.com/zn3wVi82MX
— Himanta Biswa Sarma (@himantabiswa) November 22, 2025
সামাজিক মাধ্য়মৰ এটা পোষ্টত তেওঁ কয়, “পুৱা ১২:১৫ বজাত ৭ জন অবৈধ প্ৰৱেশকাৰীক ৩৯ নং গেটৰ জৰিয়তে ঘূৰাই পঠিওৱা হৈছিল, যিটো পদক্ষেপ ইমানেই মসৃণ আছিল যে ইথান হাণ্টেও ইয়াক ‘মিছন একমপ্লিশ্বড’ বুলি ক’ব।” তেওঁ লগতে কয় যে, নিৰাপত্তা বাহিনীলৈ কুডোছ যিয়ে ফাষ্ট এণ্ড ফিউৰিয়েছ গতিত কাম সম্পাদন কৰিছিল আৰু সীমান্তত ছানী দেউলৰ দৰে দৃঢ়তাৰে থিয় দিছিল।
কোনখন জিলাৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশকাৰীক পুচ বেক কৰা হৈছিল সেই জিলাখনৰ বিশেষ উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে সীমান্তত সাম্ভাৱ্য অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্তৰক্ষী বাহিনীৰ লগতে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে সীমান্তত। যাৰ ফলত অনুপ্ৰৱেশকাৰীক পুচ বেক কৰাত সফল হৈছে আৰক্ষী।