শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী, ৰাজনীতিবিদৰ লগতে আছিল হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী

Tarun Gogoi Death Anniversary: ৰাইজৰ সেৱাৰ বাবে জীৱনৰ সুদীৰ্ঘ কাল উৎসৰ্গিত কৰা জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আজি সোঁৱৰণ। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই এইজনা মহান ৰাজনীতিবিদে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী, ৰাজনীতিবিদৰ লগতে আছিল হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী
Image Credit source: Social media Image
barasha-misra
Barasha Misra | Published: 23 Nov 2025 10:06 AM

অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়।

দীৰ্ঘদিন ধৰি থকা ৰাজনৈতিক অভিজ্ঞতাৰ গৰাকী তৰুণ গগৈ এজন স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী আছিল। সুদীৰ্ঘ ৰাজনৈতিক জীৱনত কোনো এটা বদনাম নথকাৰ বাবেই ৰাজ্যৰ লগতে দেশৰ ৰাজনৈতিক জগততো অতি আদৰ্শবান ৰাজনীতিক হিচাবে পৰিচিত হৈ পৰিছিল।

২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক’ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়। গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে।তেওঁ Assam Small-Scale Industries Development Corporationৰ চেয়াৰমেন পদটো অধিষ্ঠিত আছিল। ১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে।

ৰাজনৈতিক যাত্ৰা

১৯৬৮ চনত তৰুণ গগৈ যোৰহাট পৌৰসভালৈ সদস্য হিচাবে নিৰ্বাচিত হয়। ১৯৭৬ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি (All India Congress Committee (AICC))ৰ যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত ১৯৮৫-১৯৯০ বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি ৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয়। ১৯৯১-১৯৯৬ বৰ্ষৰ তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে। ১৯৮৬-১৯৯০ বৰ্ষত তৰুণ গগৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটি (Assam Pradesh Congress Committee (APCC)ৰ সভাপতি পদত আছিল। ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়াৰ সভাপতি হিচাবে নিৰ্বাচিত হয়।

তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়। তেওঁৰ পিছত কলিয়াবৰ সমষ্টিৰ সাংসদ তেওঁৰ কনিষ্ঠ ভাতৃ দীপ গগৈ। বৰ্তমান তেওঁৰ পুত্ৰ গৌৰৱ গগৈ যোৰহাট লোকসভাৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আছে।

তৰুণ গগৈ বৰ্তমানলৈকে পাঁচবাৰ অসম বিধানসভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁএকেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে।

২০০১ চনৰ ১৭ মে’ তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়।( উৎস- ৱিকিপিডিয়া)