শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কোটিপতি হ'ব বিচাৰে নেকি ? এইদৰে কৰক বিনিয়োগ

কোটিপতি হ’ব বিচাৰে নেকি ? এইদৰে কৰক বিনিয়োগ

Manas Borah
Manas Borah | Published: 22 Nov 2025 19:55 PM

বহু লোকে SIP জৰিয়তে পৰোক্ষভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে। কোটিপতি হ'ব বিচাৰে নেকি ? কম সময়ত কেনেকৈ কোটিপতি হ'ব পাৰে জানক।

মানুহৰ ধন জমা কৰা পদ্ধতি সলনি হৈছে। এতিয়া চেভিংছ একাউণ্টত নহয়, বিভিন্ন মিউচুৱেল ফাণ্ডত ধন জমা কৰে মানুহে। দেখা যায় যে, ষ্টক মাৰ্কেটত পোনপটীয়াকৈ ধন বিনিয়োগত কিছু ৰিস্ক থাকে। সেয়েহে বহু লোকে SIP জৰিয়তে পৰোক্ষভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে। কোটিপতি হ’ব বিচাৰে নেকি ?

যদি আমি বিনিয়োগৰ পৰিমাণ ১ কোটি টকা বুলি ধৰি লওঁ, তেন্তে কোনো ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিলে ৫ বছৰৰ বাবে মাহিলী ১ লাখ ২৩ হাজাৰ ৩০০ টকা জমা কৰিব লাগিব। তেতিয়া ৫ বছৰত ১ কোটি টকা জমা হ’ব।

যদি আপুনি ১০ বছৰৰ পাছত কোটিপতি হ’ব বিচাৰে, তেন্তে আপুনি প্ৰতিমাহে প্ৰায় ৪৪,৬৫০ টকা ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব লাগিব। যদি আপোনাৰ হাতত ১৫ বছৰ আছে, তেন্তে মাহে সেই ২১ হাজাৰ টকাতকৈ অলপ বেছি বিনিয়োগ কৰিব লাগিব।