শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জ্বলাই দিলে শিক্ষকৰ প্ৰতিমূৰ্তি

ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জ্বলাই দিলে শিক্ষকৰ প্ৰতিমূৰ্তি

trishna-kalita
Trishna Kalita | Published: 22 Nov 2025 20:46 PM

মহাবিদ্যালয়ৰ ছাত্ৰী পৰিণীতা ৰায়ক একেখন মহাবিদ্যালয়ৰ দুজন শিক্ষক শ্বাহজাহান চৰকাৰ আৰু ফহিম আহমেদে ABVP এৰিবলৈ ভাবুকি দিয়াৰ অভিযোগ। তাৰ পিছতে এবিভিপিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি প্রতিবাদ সাব্যস্ত কৰে।

অসমৰ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত এবিভিপিৰ প্ৰতিবাদ।  মহাবিদ্যালয়খনৰ দুজন শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এটা ডাঙৰ অভিযোগ। যাৰ বাবে  ছাত্র-ছাত্রীয়ে দাহ কৰিলে শিক্ষক দুজনৰ পুত্তলিকা।

মহাবিদ্যালয়ৰ ছাত্ৰী পৰিণীতা ৰায়ক একেখন মহাবিদ্যালয়ৰ দুজন শিক্ষক শ্বাহজাহান চৰকাৰ আৰু ফহিম আহমেদে ABVP এৰিবলৈ ভাবুকি দিয়াৰ অভিযোগ। তাৰ পিছতে এবিভিপিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি প্রতিবাদ সাব্যস্ত কৰে। লগতে দাহ কৰে পুত্তলিকা। মন কৰিবলগীয়া যে বহু বছৰ ধৰি এই মহাবিদ্যালয়খনত এন এছ ইউ আইয়ে আধিপত্য বিস্তাৰ কৰিছিল যদিও পিছৰ বছৰত এবিভিপিয়ে নিৰ্বাচনত জয়লাভ কৰে।  এতিয়া শিক্ষকদুগৰাকীৰ কাণ্ড পোহৰলৈ অহাত ঘটনাটো তীব্ৰতৰ হৈ পৰে।