শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মহানগৰীৰ মাছখোৱাত গুৱাহাটী পৌৰ নিগমৰ বিশেষ অনুষ্ঠান, উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

মহানগৰীৰ মাছখোৱাত গুৱাহাটী পৌৰ নিগমৰ বিশেষ অনুষ্ঠান, উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

trishna-kalita
Trishna Kalita | Published: 22 Nov 2025 22:18 PM

মহানগৰীৰ মাছখোৱা আইটিএ প্ৰকল্পত গুৱাহাটী পৌৰ নিগমৰ বিশেষ অনুষ্ঠান। অনুষ্ঠানত ২০২৫ বৰ্ষৰ স্বচ্ছ দূৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়।  লগতে শুভাৰম্ভণি কৰে স্বচ্ছ গুৱাহাটী অভিযান ২.০ৰ। 

মহানগৰীৰ মাছখোৱা আইটিএ প্ৰকল্পত গুৱাহাটী পৌৰ নিগমৰ বিশেষ অনুষ্ঠান। অনুষ্ঠানত ২০২৫ বৰ্ষৰ স্বচ্ছ দূৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়।  লগতে শুভাৰম্ভণি কৰে স্বচ্ছ গুৱাহাটী অভিযান ২.০ৰ।  অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকন, মেয়ৰ মৃগেন শৰণীয়াৰ লগতে আন আন বিষয়ববীয়াসকল।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে ৬০ টা ৱাৰ্ডতে আয়োজন কৰিছিল স্বচ্ছ দূৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ প্ৰতিটো ৱাৰ্ডতেই প্ৰথম, দ্বিতীয় আৰু পুৰস্কাৰ লাভ কৰা সৰ্বমুঠ ১৮০ খন পূজা মণ্ডপক পুৰস্কৃত কৰা হয়। ১০ হাজাৰ, ৭ হাজাৰ আৰু ৫ হাজাৰ টকাকৈ লাভ কৰিছে প্ৰথম , দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা পূজা সমিতিসমূহে । অনুষ্ঠানত উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই  মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।