অসম চুক্তিৰ আশা-প্ৰত্যাশা, দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে কি আলোচনা কৰিলে আছুৱে?
বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী অতুল বৰাই। তেওঁ কয়, ‘আজি এক ঐতিহাসিক দিন। অসম চুক্তি ৰূপায়ণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি হৈছে। এই আলোচনাৰ অন্তত অনুমোদনাৱলীৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলো। কেবিনেটে গঠন কৰি দিয়া উপ-সমিতিয়ে দাখিল কৰে প্ৰতিবেদন’।
অসম চুক্তি ৰূপায়ণক লৈ সম্পন্ন হ’ল চৰকাৰ-আছুৰ বৈঠক। মুখ্যমন্ত্ৰীৰ উপস্থিতিত দিছপুৰত অনুষ্ঠিত হৈছিল এই বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী অতুল বৰাই। তেওঁ কয়, ‘আজি এক ঐতিহাসিক দিন। অসম চুক্তি ৰূপায়ণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি হৈছে। এই আলোচনাৰ অন্তত অনুমোদনাৱলীৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলো। কেবিনেটে গঠন কৰি দিয়া উপ-সমিতিয়ে দাখিল কৰে প্ৰতিবেদন’। বৈঠকত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি শ্ৰী উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰী সমীৰণ ফুকন।
এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি মন্ত্ৰী অতুল বৰাই লিখিছে, ” ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ দিশত এক সবল খোজ। অসম চুক্তিৰ ৬ নং দফাৰ ফলপ্ৰসূ ৰূপায়ণৰ উদ্দেশ্যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শৰ সন্দৰ্ভত আজি সন্ধিয়া গুৱাহাটীৰ লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত তৃতীয়লানি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।”
তেওঁ লগতে কয়, আলোচনাৰ সময়ত উপ-সমিতিখনে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াক চূড়ান্ত প্রতিবেদনখন দাখিল কৰে।
ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰা পৰামৰ্শসমূহৰ ভিতৰত ৪০টা ৰাজ্য চৰকাৰৰ অধীনস্থ, ১৫টা কেন্দ্ৰীয় চৰকাৰৰ আৰু ১২টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে যৌথ প্ৰচেষ্টাৰ অধীনস্থ বিষয়।
আজিৰ বৈঠকত আছুৱে পৰামৰ্শসমূহৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ এখন যুটীয়া সমিতি গঠন কৰিবলৈ আহ্বান জনায়। লগতে ২০২৬ চনৰ ৩১ জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছুৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক আহ্বানৰ পোষকতা কৰে।”
আকৌ লিখিছে, “আমি নিশ্চিত যে- আজিৰ ফলপ্ৰসূ আলোচনাই অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দিশত চলি থকা চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাক এক নতুন গতি প্ৰদান কৰিব– যাৰ ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ আৰু পৰিচয় সুৰক্ষিত কৰাৰ আমাৰ সংকল্প অধিক শক্তিশালী হ’ব।”
উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰই গঠন কৰা ১৩ জনীয়া উচ্চ পৰ্যায়ৰ কমিটীয়ে ৬ নং দফা কেনেকৈ কাৰ্যকৰী কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ২০২১ চনত বৰাৰ নেতৃত্বত এখন উপ-সমিতি গঠন কৰি পৰামৰ্শসমূহ কেনেদৰে কাৰ্যকৰী কৰিব পাৰি তাৰ প্ৰতিবেদন দাখিল কৰিছিল। ৮ জনীয়া কমিটীখনত অতুল বৰা, আন দুজন ৰাজ্যিক মন্ত্ৰী আৰু আছুৰ প্ৰতিনিধি আছিল। ২০২১ চনত প্ৰথমে কমিটীখনক প্ৰতিবেদন দাখিল কৰিবলৈ তিনিমাহৰ সময় দিয়া হৈছিল।