“অসমক অনুসৰণ কৰক”, বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যই লোৱা পদক্ষেপক প্ৰশংসা কৰি আৰু কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?
নতুন দিল্লীত অনুষ্ঠিত এন ডি এৰ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিযানক আন ৰাজ্যৰ বাবে আদৰ্শ হিচাপে আলোকপাত কৰি অসমৰ চৰকাৰ পদক্ষেপক প্ৰশংসা কৰে। উক্ত সন্মিলনতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে তেওঁৰ চৰকাৰে আৰম্ভ কৰা অভিযানৰ বিশদ আভাস দাঙি ধৰে ।

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে আৰম্ভ কৰা অভিযানক প্ৰশংসা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নতুন দিল্লীত অনুষ্ঠিত এন ডি এৰ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিযানক আন ৰাজ্যৰ বাবে আদৰ্শ হিচাপে আলোকপাত কৰি অসমৰ চৰকাৰ পদক্ষেপক প্ৰশংসা কৰে। উক্ত সন্মিলনতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে তেওঁৰ চৰকাৰে আৰম্ভ কৰা অভিযানৰ বিশদ আভাস দাঙি ধৰে ।
বাল্য বিবাহ বন্ধ কৰাৰ বাবে ৰাজ্যিক আৰক্ষীয়ে লোৱা ব্যৱস্থা আৰু জনসমৰ্থনৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে দাবী কৰা মতে, এই পদক্ষেপৰ পাছত ৰাজ্যজুৰি বাল্যবিবাহ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “নতুন দিল্লীত অনুষ্ঠিত এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সন্মিলনত বাল্য বিবাহৰ বিৰুদ্ধে অসমে গ্ৰহণ পদক্ষেপৰ সন্দৰ্ভত মোক উপস্থাপন কৰিবলৈ দিয়া হৈছিল । মোৰ উপস্থাপনক সকলোৱে প্ৰশংসা কৰিছিল ।”
असम ने बाल विवाह उन्मूलन में जो सफलता प्राप्त की है, वह अब अन्य राज्यों की सरकारों के लिए भी प्रेरणा बनेगी। pic.twitter.com/ojFQUMMBVF
— Himanta Biswa Sarma (@himantabiswa) May 27, 2025
ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এন ডি এ শাসিত ৰাজ্যসমূহৰ বিষয়াসকলক অসমলৈ আহিবলৈ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰীয়ে এন ডি এ শাসিত আন ৰাজ্যসমূহক অসমৰ বাল্য বিবাহৰ সৈতে মোকাবিলা কৰা পন্থা অধ্যয়ন কৰি একেধৰণৰ কৌশল গ্ৰহণ কৰি নিজ নিজ ৰাজ্যত বাল্যবিবাহ বিৰুদ্ধে কাম কৰাৰ বাবে পৰামৰ্শ দিছে ।
এন ডি এৰ মুখ্যমন্ত্ৰী সন্মিলনত জল সংৰক্ষণ, শিক্ষা আৰু নাৰী সবলীকৰণকে ধৰি একাধিক বিষয় সামৰি লোৱাৰ সমান্তৰালভাৱে বাল্যবিবাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত অসমৰ কৃতিত্ব আলোচনাৰ এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হয় ।
ইফালে,অসম চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পন্থাৰ ফলত ২০২১-২২ৰ পৰা ২০২৩-২৪ৰ ভিতৰত অসম চৰকাৰৰ ৩৫খন জিলাৰ ভিতৰত ২০খন জিলাত এনে গোচৰ ৮১ শতাংশ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। আনুষ্ঠানিক বিবৃতি অনুসৰি, ২০২৬ চনৰ ভিতৰত অসমত বাল্যবিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিও দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।