শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমৰ উন্নয়নৰ বাবে মোদী চৰকাৰৰ ৪০০০ কোটিৰ উপহাৰঃ ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

আজি বৈঠকত কেন্দ্ৰীয় কেবিনেটে অসম আৰু ত্ৰিপুৰাৰ বাবে বিশেষ উন্নয়ন পুঁজি হিচাপে ৪,২৫০ কোটি টকা প্ৰদানৰ সিদ্ধান্ত লয়। এই পুঁজিৰে ৪০০০ কোটি টকা অসমে লাভ কৰিব।

অসমৰ উন্নয়নৰ বাবে মোদী চৰকাৰৰ ৪০০০ কোটিৰ উপহাৰঃ ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে
অসমলৈ কেন্দ্ৰৰ বিশেষ উন্নয়ন পুঁজিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 08 Aug 2025 18:35 PM

অসমলৈ এক সুখবৰ দিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। আজি কেন্দ্ৰীয় কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে অসমৰ উন্নয়ৰ বাবে ৪০০০ কোটি টকাৰ পুঁজি ঘোষণা কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এক পোষ্ট যোগে প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় কেবিনেটক ধন্যবাদ জনায়। আজি বৈঠকত কেন্দ্ৰীয় কেবিনেটে অসম আৰু ত্ৰিপুৰাৰ বাবে বিশেষ উন্নয়ন পুঁজি হিচাপে ৪,২৫০ কোটি টকা প্ৰদানৰ সিদ্ধান্ত লয়।

এই পুঁজিৰে ৪০০০ কোটি টকা অসমে লাভ কৰিব। কেবিনেটৰ ঘোষণা অনুসৰি, অসমৰ আদিবাসী বসতিপ্ৰধান গাঁও তথা এলেকাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০০ কোটি টকা আগবঢ়োৱা হৈছে। একেদৰে ডিমাছা নেচনেল লিবাৰেচন আৰ্মী তথা ডিমাছা পিপলছ ছুপ্ৰিম কাউন্সিলৰ বসতিপ্ৰধান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৫০০ কোটি টকা আগবঢ়াই।

ইয়াৰ সমান্তৰালকৈ অসমৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ হাজাৰ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। আনহাতে ত্ৰিপুৰাৰ আদিবাসীসকলৰ উন্নয়নৰ বাবেও কেবিনেটে ২৫০ কোটি টকাৰ পুঁজি ঘোষণা কৰিছে। কেন্দ্ৰীয় কেবিনেটৰ এই ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

 

এক পোষ্টত তেওঁ কেবিনেটৰ এই পুঁজিৰ বিষয়ে সদৰী কৰি এই ৪,২৫০ কোটি টকাৰ বিশেষ উন্নয়ন পুঁজিক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ লগতে এই পুঁজি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাক ধন্যবাদ জনায়।

তেওঁ লগতে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই আদিবাসী আৰু জনজাতীয় সমাজৰ উন্নয়ৰ পৰা আৰম্ভ কৰি বৃহৎ আন্তঃগাঁথনি, চাকৰি, পৰ্যটন আৰু মহিলা সৱলীকৰণলৈকে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ সবলীকৰণত বহুখিনি সহায় কৰিব বুলি কৃতজ্ঞতাসূচক মন্তব্য কৰে।