অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমান সফল অসম আৰক্ষী ? সামাজিক মাধ্যমত তথ্য় দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

২০২৫ চনৰ মাৰ্চ মাহলৈকে অসম আৰক্ষীয়ে অপৰাধমূলক গোচৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । কোৱা হৈছে যে, ৰুজু হোৱা ৭৫.৫ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে ।

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমান সফল অসম আৰক্ষী ? সামাজিক মাধ্যমত তথ্য় দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

অসম আৰক্ষী

Updated On: 

04 May 2025 15:35 PM

ৰাজ্যৰ সংঘটিত অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰি অসম আৰক্ষীয়ে । কিয়নো সামাজিক মাধ্যমৰ জৰিয়তে এক উৎসাহজনক পৰিসংখ্যা দাঙি ধৰিছে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, ২০২৫ চনৰ মাৰ্চ মাহলৈকে অসম আৰক্ষীয়ে অপৰাধমূলক গোচৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । কোৱা হৈছে যে, ৰুজু হোৱা ৭৫.৫ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিএনএছ (ভাৰতীয় ন্যায় সংহিতা)ৰ ৮০.৪ শতাংশ গোচৰত চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে । একে সময়তে ২০২৪ চনৰ জুলাই মাহৰ পৰা মুঠ ১৯,৩৭৩টা বিএনএছৰ গোচৰ নিষ্পত্তি কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে,আৰক্ষীয়ে গোচৰ পঞ্জীয়নৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ২০২৫ চনৰ মাৰ্চ মাহলৈকে মুঠ ১১,৭৪৭টা গোচৰ লিপিবদ্ধ হৈছে। ইয়াৰে ১০,৩৮৭টা বিএনএছ গোচৰ, ২২১টা আইপিচি গোচৰ আৰু ১১৩৯ টা বিশেষ আইনৰ সৈতে জড়িত।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম আৰক্ষীয়ে নাগৰিককেন্দ্ৰিক পুলিচিঙৰ জৰিয়তে জনসাধাৰণৰ সুৰক্ষা আৰু ক্ষীপ্ৰ, স্বচ্ছ ন্যায় নিশ্চিত কৰাৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উল্লেখ্য় যে, ২০২৪ চনৰ জুলাই মাহৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে তথ্য় প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কাজিৰঙাৰ জীপ ছাফাৰী…

লগতে পঢ়ক: ছ’চিয়েল মিডিয়াত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! চাকৰি হেৰুৱালে এগৰাকী CRPF জোৱানে…

আই পি এল ২০২৫ চলি থকাৰ মাজতে ডেটত গ’ল যশপ্ৰীত বুমৰাহ, কোনে দিলে সংগ!
এঘন্টাতকৈ বেছি সময় ৰীল চাই নেকি? তেন্তে সাৱধান, জানি লওক এই কথা...
নিশা টোপনি নাহে নেকি? তেন্তে হ'ব পাৰে এইসমূহ বেমাৰৰ লক্ষণ...
পানীত উতলাই খাওক কেইখিলামান নৰসিংহ পাত, লাভ কৰিব এনে চমৎকাৰী উপকাৰিতা