শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২ মে' অনুষ্ঠিত হ'ব । ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বুধবাৰে অন্ত পৰে । প্ৰচাৰৰ শেষৰ দিনটোত প্ৰতিটোৰ দলৰ নেতা প্ৰচাৰ চলোৱা দেখা যায় ।

অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক
পঞ্চায়ত নিৰ্বাচন ২০২৫Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 30 Apr 2025 20:39 PM

ৰাজ্যৰ ১৪ খন জিলাত ২ মে’ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ বুধবাৰে অন্ত পৰে । প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শাসকীয় এন ডি এ মিত্ৰজোঁটে নিজৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলোৱা দেখা যায় । ইফালে, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।

ৰাজ্যৰ পঞ্চায়ত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে ২৭ খন জিলাত ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। দুয়োটা দিনতে পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু যদি প্ৰয়োজন হয় তেন্তে প্ৰথম পৰ্যায়ৰ বাবে ৪ মে’ত আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ৯ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

অহা ১১ মে’ত একেলগে দুয়োটা পৰ্যায়ৰ ভোটগণনা অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি শাসকীয় এন ডি এ মিত্ৰজোঁটে ৩২৫খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে অগ্ৰগতি লাভ কৰিছে । ইফালে, মুঠ ৩৪৮ জন জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

ইতিমধ্যে এন ডি এয়ে ৩৭খন জিলা পৰিষদৰ (৩৫খন বিজেপি আৰু ২খন অগপ) আৰু ২৮৮খন আঞ্চলিক পঞ্চায়তৰ (২৫৯খন বিজেপি আৰু ২৯খন অগপ) আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে । নিৰ্দলীয় দলে ১৫খন আঞ্চলিক পৰিষদৰ আসন, কংগ্ৰেছে ৯খন আৰু এ আই ইউ ডি এফে এখন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে।

দ্বিতীয় পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমীৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মেট্ৰ’), নগাঁও, মৰিগাঁও আৰু দৰঙত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ সাতখন জিলা সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত আছে য’ত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হয়।

এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ১,৮০,৩৬,৬৮২ জন ভোটাৰে ২৫,০০৭ টা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । মুঠ ভোটাৰৰ ভিতৰত ৯০,৭১,২৬৪ জন পুৰুষ, ৮৯,৬৫,০১০ জন মহিলা আৰু ৪০৮ জন অন্যান্য ভোটাৰ আছে।

মুঠ আসনৰ ভিতৰত আছে ২১,৯২০ খন গ্ৰাম পঞ্চায়ত (জিপি) সদস্যৰ আসন(১০,৮৮৩ খন মহিলাৰ বাবে সংৰক্ষিত আসন), জিপি সভাপতিৰ ২,১৯২ খন আসন (১,০৯৭ খন মহিলাৰ বাবে সংৰক্ষিত), ২,১৯২ খন জিপি উপ-সভাপতিৰ আসন (১১০৮ খন মহিলাৰ বাবে সংৰক্ষিত ), ২,১৯২ খন আঞ্চলিক পৰিষদৰ (এ পি) সদস্যৰ আসন (১,১২৪ খন মহিলাৰ বাবে সংৰক্ষিত) ১৮১ খন এ পিৰ সভাপতি আসন (৯৮ খন মহিলাৰ বাবে সংৰক্ষিত),এ পিৰ উপ সভাপতিৰ ১৮১ খন আসন( মহিলাৰ বাবে ৯৬ খন সংৰক্ষিত) আৰু ৩৯৭ খন জিলা পৰিষদৰ সদস্যৰ আসন(মহিলাৰ বাবে সংৰক্ষিত ১৯৯ খন আসন)।