শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Dulu ahmed: পুনৰ সলনি ৰাজনৈতিক পৰিচয়! তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ

Dulu ahmed Tmc join: দুলু আহমেদৰ ৰাজনৈতিক ঠিকনা সলনি। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিবাদত লিপ্ত হৈ এই নেতাগৰাকীয়ে যোগদান কৰিছিল অসম জাতীয় পৰিষদত আৰু এতিয়া যোগদান কৰিছে তৃণমূল কংগ্ৰেছত। এইগৰাকী নেতাৰ পৰৱৰ্তী লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন।

Dulu ahmed: পুনৰ সলনি ৰাজনৈতিক পৰিচয়! তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ
দুলু আহমেদ
barasha-sarma
Barasha Sarma | Published: 29 Oct 2024 06:52 AM

অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি দুলু আহমেদে আনুষ্ঠানিকভাৱে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। সোমবাৰে কলকাতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আহমেদে দলটোত যোগদান কৰে। দুলু আহমেদৰ লগতে তেওঁৰ নেতৃত্বত যোৱা দলটোক আদৰণি জনাই তৃণমূল কংগ্ৰেছে। যোগদানৰ সময়চোৱাত মলয় ঘটকে কয় যে, আগন্তুক সময়চোৱাত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত উগ্ৰ জাতীয়তাবাদী, স্বাচ্ছাচাৰী শাসনৰ বিৰুদ্ধে একেলগে যুঁজ দি মানৱ সমাজৰ কল্যানৰ হকে কাম কৰি যাব।

দুলু আহমেদৰ তৃণমূল কংগ্ৰেছত যোগদানক লৈ আনন্দিত অনুভৱ কৰে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে।  দুলু আহমেদৰ লগতে তৃণমূল কংগ্ৰেছত যোগদান কৰে শিশিৰ দেৱ কলিতা আৰু সঞ্জীৱ মহন্তই। সূত্ৰ অনুসৰি জানিব পৰা মতে দুলু আহমেদে অসম তৃণমূল কংগ্ৰেছৰ উপ- সভাপতিৰ দায়িত্ব লাভ কৰিব। যোগদানৰ পাছতেই এসময়ত কংগ্ৰেছ, পাছত অসম জাতীয়  পৰিষদৰ ফটো ফেচবুক একাউন্টৰ ক’ভাৰ ফটো হিচাপে ব্যৱহাৰ কৰা দুলু আহমেদে এতিয়া তৃণমূল কংগ্ৰেছৰ ল’গ’ ফেচবুক একাউন্টৰ ক’ভাৰ হিচাপে আপলোড কৰিছে।

সঘনাই দল সলনি কৰা দুলু আহমেদে নতুন এই দলটোত কিমান দিনলৈ থাকে সেয়াহে লক্ষণীয় হ’ব। উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা দুলু আহমেদে অসম জাতীয় পৰিষদৰ উপ- সভাপতি পদৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল। মিত্ৰতাৰ স্বাৰ্থত দলে বৰপেটা সমষ্টিটো কংগ্ৰেছৰ এৰি দিছিল যদিও দুলু আহমেদে আঁকোৰগোজা স্থিতি প্ৰদৰ্শন কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনৰ ফলাফলত দুলু আহমেদ সপ্তম স্থানত থাকি মাত্ৰ ৯৩৩৮ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ অসম জাতীয় পৰিষদৰ হৈ হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেই সময়চোৱাত তেওঁ ৫১৭৯৭ টা ভোট লাভ কৰি বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ হাতত পৰাস্ত হৈছিল।

ইয়াৰ পূৰ্বে এই নেতাগৰাকী আছিল কংগ্ৰেছত। কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিবাদত লিপ্ত হৈ এই নেতাগৰাকীয়ে যোগদান কৰিছিল অসম জাতীয় পৰিষদত আৰু এতিয়া যোগদান কৰিছে তৃণমূল কংগ্ৰেছত। এইগৰাকী নেতাৰ পৰৱৰ্তী লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। গতিকে নতুন দলটোত দুলু আহমেদৰ স্থিতি কি হ’ব বা ইয়াত তেওঁৰ পৰিচয় কি হ’ব সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।