শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিৰ্বাচন সমাগত! অসমৰ ৩ প্ৰকল্পৰ বাবে ৬৮০ মিলিয়ন ডলাৰ ঋণৰ অনুমোদন বিশ্ব বেংকৰ…

নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে লাভ কৰিছে কোটি কোটি টকাৰ ঋণ। অসমৰ তিনিটাকৈ ডাঙৰ প্ৰজেক্টৰ বাবে এই ঋণৰ অনুমোদন লাভ কৰিছে। এই সন্দৰ্ভত বিশ্ব বেংকে এক বিবৃতি কৰি সবিশেষ জনাইছে।

নিৰ্বাচন সমাগত! অসমৰ ৩ প্ৰকল্পৰ বাবে ৬৮০ মিলিয়ন ডলাৰ ঋণৰ অনুমোদন বিশ্ব বেংকৰ…
অসম চৰকাৰImage Credit source: social media
Barasha Sarma
Barasha Sarma | Published: 15 Jan 2026 15:35 PM

সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশ্ব বেংকৰ পৰা কোটি কোটি টকাৰ সাহাৰ্য লাভ কৰিছে। অসমৰ তিনিটাকৈ উন্নয়নমূলক প্ৰকল্পৰ বাবে ৬৮০ মিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ মঞ্জুৰি প্ৰদান কৰিছে বিশ্ববেংকে।  এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে জলবায়ুৰ স্থিতিস্থাপকতা শক্তিশালী কৰা, শাসন আৰু সেৱা প্ৰদানৰ উন্নতি কৰা, আৰু শিক্ষা-কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধি কৰা।

বিশ্ব বেংক (World Bank) য়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, বোৰ্ড অৱ এক্সিকুইটিভ ডায়ৰেক্টৰ্ছয়ে এই প্ৰকল্পসমূহৰ বাবে ঋণৰ অনুমোদন দিছে যাতে অসমে বেয়া বতৰৰ মোকাবিলা কৰিবলৈ, লোক প্ৰশাসনৰ উন্নতি সাধন কৰাৰ লগতে চাৰি মিলিয়নতকৈ অধিক ছাত্ৰ-ছাত্ৰীক চাকৰিৰ ক্ষেত্ৰখনত সফল হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰাত সহায় কৰিব পাৰে।

অসমৰ ৩ প্ৰকল্পৰ বাবে ধন লাভ

লাভ কৰা ঋণৰ সবাতোকৈ ডাঙৰ অংশ হৈছে ৩৫০ মিলিয়ন আমেৰিকান ডলাৰ। ই অসম ডিজাষ্টাৰ ৰেজিলিয়েন্ট হিল ৰোডছ ডেভেলপমেন্ট প্ৰজেক্ট। যিয়ে বিশেষকৈ পাহাৰীয়া আৰু কঠিন ভূখণ্ডত জলবায়ু স্থিতিস্থাপক পথৰ আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই প্ৰকল্পৰ দ্বাৰা যাত্ৰাৰ সময় কম হ’ব আৰু প্ৰায় ১৯০,০০০ লোকৰ সুবিধা উন্নত হোৱাৰ আশা কৰা হৈছে। এই অঞ্চলৰ বেছিভাগ অঞ্চল জনজাতীয় আৰু গ্ৰাম্য সম্প্ৰদায়ৰ।

ইয়াৰ লগতে ট্ৰাক আৰু কন্টেনৰ বে, টেক্সি আৰু বাছ টাৰ্মিনেল, ইলেক্ট্ৰনিত বাহন চাৰ্জিং পইন্টৰে সজ্জিত উন্নত ট্ৰান্সপোৰ্ট আৰু লজিষ্টিকছ হাবৰ দ্বাৰা সংযোগ শক্তিশালী কৰিব।

শিক্ষাৰ ক্ষেত্ৰত সহায়

অসম স্কুল এডুকেশ্যন আৰু এডোলচেন্ট প্ৰজেক্টৰ বাবে ২৫০ মিলিয়ন আমেৰিকান ডলাৰৰ অনুমোদন দিছে। ইয়াৰ উদ্দেশ্য- ৰাজ্যত ২০ লাখতকৈ অধিক প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থীৰ শিক্ষণ ফলাফল উন্নত কৰা। ইয়াৰ লগতে ১০ ৰ পৰা ১৯ বছৰৰ দুই লাখ আৰু কিশোৰ-কিশোৰীৰ ভৱিষ্যতৰ চাকৰিৰ বাবে প্ৰস্তুত কৰা। ইয়াৰ অধীনত বহুভাষিক শিক্ষাৰ প্ৰৱৰ্তনকে ধৰি জীৱন-দক্ষতা প্ৰশিক্ষণ আৰু পাঠ্যক্ৰম উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

তৃতীয়টো প্ৰজেক্টৰ বাবে ৮০ মিলিয়ন আমেৰিকান ডলাৰ অনুমোদন দিয়া হৈছে। ইয়াৰ উদ্দেশ্য অসম গবৰনেন্স এণ্ড চাৰ্ভিছ ডেলিভাৰী প্ৰগ্ৰেম, পাব্লিক ফাইনেন্সিয়েল মেনেজমেন্ট শক্তিশালী কৰা। লগতে নাগৰিক আৰু ব্যৱসায়ীসকলৰ প্ৰশাসনিক সেৱা প্ৰদানৰ উন্নতি। ই ৰাজ্যত স্বচ্ছতা, দক্ষতা, আৰু প্ৰমাণভিত্তিক নীতি নিৰ্ধাৰণৰ দ্বাৰা ডেটা ইকোচিষ্টেমক উন্নীত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ বিহুৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনে, আহত ৩ জন…