শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহুৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনে, আহত ৩ জন…

সকলোফালে চলি থকা বিহুৰ আনন্দৰ মাজতে আহিছে এক বেয়া খবৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনে, লগতে আহত ৩ জন। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক লৈ অব্যাহত আছে তদন্ত।

বিহুৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনে, আহত ৩ জন…
গাড়ী চালকজন
Barasha Sarma
Barasha Sarma | Published: 14 Jan 2026 11:57 AM

হেঁপাহৰ ভোগালী বিহুৰ আনন্দৰ মাজতে আহিছে এক বেয়া খবৰ। বিহুৰ সময়ত গাহৰি বিক্ৰী কৰিবলৈ আহি প্ৰাণ হেৰুৱালে যুৱকে। টীয়কৰ বামুনপুখুৰী দিহিঙীয়া গাঁৱত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় ২ জন আৰু আহত ৩জন। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

প্ৰাপ্ত তথ্য অনুসৰি, ১৪ জানুৱাৰীৰ পুৱতি নিশা প্ৰায় ৩ বাজি ৩০ মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। গাহৰি বিক্ৰী কৰিবলৈ ঠাই চাফা কৰি থকা অৱস্থাত এখন স্কৰ্পিঅ’ বাহনে মহতিয়াই নিয়ে কেইবাজনক। লগে লগে আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজন যুৱকৰ মৃত্যু হয়। নিহত যুৱক দুজন অভিজিত ফুকন আৰু অমৃত গগৈ বুলি চিনাক্ত হৈছে। মৃত অভিজিৎ ফুকনৰ বয়স ২২ বছৰ আৰু অমৃত গগৈৰ বয়স ৫০ বছৰ মান হ’ব।

ইফালে  আহত যুৱককেইজন প্ৰাণজিত গগৈ, মানস গগৈ, পোণাকণ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS -03 -AN -9141. এই গাড়ীখনৰ চালত ন বিজেপি নেতা মিন্টু গগৈ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে গাড়ীৰ চালকে। বৰ্তমান পলাতক অৱস্থাত থকা ন বিজেপি নেতাগৰাকীক বিচাৰি আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈক বিজেপি এজেন্ট সজাই কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ…