শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২২ ছেপ্টেম্বৰত অসমৰ এই পাঁচখন জিলাত ৰাজহুৱা বন্ধ ঘোষণা…

ৰাজ্য পাঁচখন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। ২২ ছেপ্টেম্বৰ দিনটোত জিলা কেইখনৰ বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

২২ ছেপ্টেম্বৰত অসমৰ এই পাঁচখন জিলাত ৰাজহুৱা বন্ধ ঘোষণা…
নিৰ্বাচন
manas-borah
Manas Borah | Updated On: 05 Sep 2025 16:14 PM

অহা ২২ ছেপ্টেম্বৰত ৰাজ্য পাঁচখন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ (এন আই) এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, এই জিলা কেইখনত বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

আচলতে ২২ ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচন। এই উপলক্ষে অসম চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ অন্তৰ্গত ৫খন জিলাত অহা ২২ ছেপ্টেম্বৰত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। শুকুৰবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ (এন আই) এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে।

পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ২২ ছেপ্টেম্বৰৰ দিনটোত বিটিআৰৰ অধীনস্থ বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে,২৬ আগষ্টত কাউন্সিলৰ ৪০খন আসনৰ বাবে নিৰ্বাচন দিন ঘোষণা কৰা হৈছিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ৬ ছেপ্টেম্বৰ। ২৬ ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব আৰু ২৮ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

২২ ছেপ্টেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৬ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব।

বিটিচি নিৰ্বাচনৰ এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬,৫৭,৯৩৭ গৰাকী। ইয়াৰে ১৩,২৩,৩৯৯ জন পুৰুষ, ১৩,৩৪,৫২১ জন মহিলা আৰু ১৭ জন অন্য লিংগৰ লোক। বিটিচিৰ ৪০ খন আসনৰ ভিতৰত ST বাবে ৩০ খন আসন সংৰক্ষণ। ৫ খন আসন non-ST ৰ বাবে আৰু বাকী ৫ খন আসন ST আৰু non-ST উভয় প্ৰাৰ্থীৰ বাবে মুকলি। বিটিআৰত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাক সামৰি লোৱা হৈছে।

লগতে পঢ়ক- ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, নৱেম্বৰত পাব ৩ দিনীয়া বিশেষ ছুটী…