শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, নৱেম্বৰত পাব ৩ দিনীয়া বিশেষ ছুটী…

ৰাজ্য চৰকাৰে ভাল খবৰ লৈ আহিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। কৰ্মচাৰীসকলে পাব "স্পেচিয়েল কেজুৱেল লিভ"। ইয়াৰ উদ্দেশ্য হৈছে যাতে কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃ আৰু শহুৰেকৰ সৈতে সময় কটাব পাৰে।

ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, নৱেম্বৰত পাব ৩ দিনীয়া বিশেষ ছুটী…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 05 Sep 2025 15:36 PM

নৱেম্বৰ মাহটো ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ হ’বলৈ গৈ আছে। আচলতে ৰাজ্য চৰকাৰে ভাল খবৰ লৈ আহিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। কৰ্মচাৰীসকলে পাব “স্পেচিয়েল কেজুৱেল লিভ”। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই বিশেষ ছুটী এই কাৰণে বিশেষ যে, তেওঁলোকে বছৰটোৰ সৰ্বাধিক সময় নিজৰ কৰ্ম জীৱনক দিয়ে। ইয়াৰ মাজতে নিজৰ পিতৃ-মাতৃক দুটা দিন দিয়াটো তেওঁলোকৰ বাবে বিশেষ।

অসম চৰকাৰে শেহতীয়াকৈ নৱেম্বৰ মাহত দুদিনীয়া “স্পেচিয়েল কেজুৱেল লিভ” ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃ আৰু শহুৰেকৰ সৈতে সময় কটাব পাৰে। কৰ্মচাৰীসকলে “মাতৃ পিতৃ বন্দনা” আঁচনিৰ অধীনত অহা ১৪ নৱেম্বৰ আৰু ১৫ নৱেম্বৰত নিৰ্দেশ অনুযায়ী নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে আৱেদন কৰি এই ছুটী লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ ভাষণত এই ছুটীৰ কথা ঘোষণা কৰিছিল।

“১৪ নৱেম্বৰ, ২০২৫ (শুকুৰবাৰ) আৰু ১৫ নৱেম্বৰ, ২০২৫ (শনিবাৰ) তাৰিখে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক “মাতৃ পিতৃ বন্দনা” আঁচনিৰ অধীনত বিশেষ আকস্মিক ছুটীৰ সুবিধা প্ৰদান কৰি অসমৰ ৰাজ্যপাল আনন্দিত হৈছে।” প্ৰকাশ কৰা অধিসূচনাত এইদৰে কোৱা হৈছে। ইয়াত লগতে কোৱা হৈছে যে, ১৬ নৱেম্বৰ দেওবাৰ পৰিছে, গতিকে এই দিনটো কৰ্মচাৰী সকলে পিতৃ-মাতৃৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।