শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বিলঙত মৃত্যু অসমৰ যুৱতীৰ, ৫ বন্ধু-বান্ধৱীৰ সৈতে গৈছিল ফুৰিবলৈ…

শ্বিলঙলৈ ফুৰিব গৈ মৃত্যুক সাৱতি ল'লে যুৱতীয়ে। জানিব পৰা মতে, ৫ বন্ধু-বান্ধৱীৰ সৈতে মঙলবাৰে নিশা গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈছিল যুৱতীগৰাকী।

শ্বিলঙত মৃত্যু অসমৰ যুৱতীৰ, ৫ বন্ধু-বান্ধৱীৰ সৈতে গৈছিল ফুৰিবলৈ…
যুৱতীগৰাকীImage Credit source: news18assam
barasha-sarma
Barasha Sarma | Published: 04 Jun 2025 16:42 PM

ৰাজ্যত প্ৰতিদিনে সংঘটিত হয় অপৰাধমূলক ঘটনা। একাংশ নৃশংস লোকৰ হাতত মৃত্যুক সাৱতিব লগা হয় একাংশই। ইয়াৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক শিহৰনকাৰী ঘটনা। বন্ধুৰ সৈত শ্বিলঙলৈ ফুৰিব যোৱা এগৰাকী যুৱতীৰ মৃত্যুই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মঙলবাৰ (৩জুন)য়ে এইগৰাকী যুৱতী গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব গৈছিল। কিন্তু বুধবাৰে পুৱা শ্বিলঙৰ পৰা আহে এক বেয়া খবৰ। মৃত্যু মুখত পৰে যুৱতীগৰাকী।

ঘটনাৰ বিষয়ে জানিব পৰা মতে, মঙলবাৰে নিশা ৫ বন্ধু-বান্ধৱীৰ সৈতে শ্বিলঙলৈ ফুৰিব গৈছিল যুৱতীগৰাকী। এইগৰাকী যুৱতীৰ নাম নম্ৰতা বৰা। নুমলীগড়ৰ বাসিন্দা নম্ৰতাই গুৱাহাটীত আইন পঢ়ি আছিল। কিন্তু শ্বিলঙৰ পৰা ঘূৰি অহাৰ পথতেই সংঘটিত হয় এক ডাঙৰ পথ দুৰ্ঘটনা।

গুৱাহাটীলৈ ঘূৰি অহাৰ পথত বুধবাৰে পুৱতি নিশা মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় নম্ৰতা আৰু বন্ধু-বৰ্গই যোৱা বাহনখন । অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰে নম্ৰতাহঁতে যোৱা বাহনখনত। যাৰ ফলত হুন্দাই আলকাজাৰ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে নম্ৰতাই মৃত্যুক সাৱতি লয়। ইয়াৰ বিপৰীতে বাহনখনত থকা আনসকলো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে পুৱতি নিশা নংপো আৰক্ষীয়ে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আটাইকেইজনক। কিন্তু তাৰ পূৰ্বে নম্ৰতাই মৃত্যুৱ সাৱতি লয়।

আনহাতে যুৱতীগৰাকীৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।  কিয়নো নিশা ১২ বজাত ৰুক্মিনীগাঁৰ পৰা নম্ৰতাই শ্বিলঙলৈ ফুৰিব যোৱাৰ কথা সহজভাৱে ল’ব পৰা নাই তেওঁলোকে। পৰিয়ালে জনাই যে, নম্ৰতাই কেতিয়াও ঘৰত অৱগত নকৰাকৈ ক’তো নাযায়।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, নম্ৰতা LLB উত্তীৰ্ণ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছিল। কৰ্মসূত্ৰে তেওঁ ৰুক্মিনীগাঁৱৰ নেহা এপাৰ্টমেন্টত ফ্লেট ভাড়া কৰি আছিল। নম্ৰতাৰ দুই ৰুমমেটো আছিল, কিন্তু কালি দুইজনী বান্ধৱী নথকা অৱস্থাত নম্ৰতা শ্বিলঙলৈ যোৱাৰ কথা মানি ল’ব পৰা নাই পৰিয়ালে। নুমুলীগৰৰ পৰা নম্ৰতাৰ পৰিয়াল ৰাওনা হৈছে নংপো অসামৰিক চিকিৎসালয়লৈ। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল নম্ৰতাৰ।

 

অন্য খবৰ পঢ়কঃ বিয়াৰ ১০ দিন পাছত মেঘালয় ভ্ৰমণলৈ আহিছিল মধ্যপ্ৰদেশৰ দম্পতী, প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত উদ্ধাৰ মৃতদেহ…