শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত বানৰ তাণ্ডৱ! ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক প্ৰভাৱিত, মৃত্যু ৬ জনৰ…

Assam Flood: পুনৰ বানে জুৰুলা কৰিছে অসমত। কেইবাটা দিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ পাছতে এতিয়া বানে অসমত তাণ্ডৱৰ সৃষ্টি কৰিছে। ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোকক বানে প্ৰভাৱিত কৰিছে।

অসমত বানৰ তাণ্ডৱ! ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক প্ৰভাৱিত, মৃত্যু ৬ জনৰ…
বান (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 03 Jun 2025 08:41 AM

অসমত পুনৰ বানৰ তাণ্ডৱ। যোৱা কেইটামান দিন নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত অসমৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত প্লাবিত হৈ পৰিছে বহু অঞ্চল। কেইবাদিন ধৰি চলা বৰষুণ, বান্ধৰ পানী খুলি দিয়া আদি কাৰণৰ বাবে ৰাজ্যৰ কেইবাখন জিলা বান আৰু ভূমিস্খলনৰ কবলত পৰিছে। দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam) ই ২ জুনত জাৰি কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ বানত বৰ্তমানলৈকে ৬ জন লোকৰ মৃত্যু হৈছে, ইয়াৰ বিপৰীতে ভূমিস্খলনৰ ফলত মৃত্যুক সাৱতিছে ৫ জন লোকে।

তথ্য অনুসৰি, অসমৰ ২২ জন জিলা আৰু ১২৫৪ খন গাঁও প্ৰভাৱিত হৈছে চলিত বানৰ দ্বাৰা। বানৰ দ্বাৰা প্ৰভাৱিত জিলাকেইখন হ’ল- হাইলাকান্দি, হোজাই, লখিমপুৰ, নগাঁও, শ্ৰীভূমি, কাৰ্বি আংলং, ডিব্ৰুগড়, মৰিগাঁও. কামৰূপ, কাছাৰ, গোলাঘাট, দৰং, মাজুলী, ধেমাজি, বিশ্বনাথ, কামৰূপ (ম), কাৰ্বিআংলং (পশ্চিম), যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, ডিমা হাচাও আৰু শিৱসাগৰ।  এই জিলাসমূহত প্ৰায় ৫,১৫,০৩৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।  বানৰ ফলত কেৱল মানুহেই নহয় , লাখ লাখ জীৱ-জন্তু, পশুধন আদি ক্ষতিগ্ৰস্ত হৈছে।

বানৰ ফলত বহু লোকৰ ঘৰ-বাৰী, সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধনৰ লগতে কেইবাটাও ৰাস্ত-পথ নোহোৱা হৈ যায়। ইয়াৰোপৰি এতিয়ালৈকে প্ৰায় ৩ টা মথাউৰিৰ ক্ষতিসাধ হোৱাৰ খবৰ পোৱা গৈছে। বানে প্ৰভাৱিত কৰিছে ৬৫ টা ৰাজহচক্ৰক। লগতে প্ৰভাৱিত হৈছে প্ৰায় ১২৬১০ হেক্টৰ অঞ্চল।

অসমত বানৰ পৰিস্থিতি এতিয়াও শাম কটা নাই। বৰষুণৰ সমান্তৰালকৈ নদীসমূহেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিপদৰ স্তৰৰ ওপৰেৰে বৈ আছে কেইবাখনো নদী। এই নদীকেইটা হ’ল- ব্ৰহ্মপুত্ৰ (নিমাতীঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), সোৱণশিৰি (বদতিঘাট), বুঢ়িদিহিং (খোৱাং), ধনশিৰি (নুমলিগড়), কপিলী (কামৰূপ), কপিলী (ধৰমতুল), বৰাক (চোটাবৰাক), বৰাক (ফুলেৰতল), বৰাক (এপি ঘাট), বৰাক (বিপি ঘাট), ৰুকনি (ঢলাই), ধলেশ্বৰী (গড়মুৰা), কাথকল (মাতিজুৰি), কুচিয়াৰা (শ্ৰীভূমি)।

বানৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিভাগীয় প্ৰশাসনে ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে চৰকাৰে কেইবাস্থানত বান সাহাৰ্য শিবিৰ মুকলি কৰিছে। একাংশ বন্যাৰ্তই সুৰক্ষিত স্থানলৈ গতি কৰাৰ লগতে একাংশই আশ্ৰয় লৈছে শিবিৰত।  প্ৰায় ৩১,২১২ গৰাকী বন্যাৰ্তই  বান শিবিৰত আশ্ৰয় লৈ আছে। ইয়াৰ মাজতে বান-ভূমিস্খলনত মৃতসকললৈ এককালীন সাহাৰ্যৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, প্ৰতিবাৰৰ দৰে এইবাৰো বানে অসমক জুৰুলা কৰিছে। হাজাৰ-হাজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে মানুহে হেৰুৱাইছে সা-সম্পত্তি, পশুধন, খেতি-পথাৰ আদি সকলো।  বানে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিত এতিয়া জীয়াতু ভুগিছে একাংশই। এতিয়াও ৰাজ্যত অব্যাহত আছে বৰষুণ। গতিকে এই বানে পৰৱৰ্তী সময়ত আৰু অধিক কালৰূপ ধৰাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…