শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূমিকম্পৰ ফলত অসমৰ ক’ত, কি ক্ষতি হ’ল? জানক সকলো তথ্য…

আজি এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অঞ্চল। ইয়াৰ ফলত অসমৰ কেইবা ঠাইতো কিছু পৰিমাণে ক্ষয়-ক্ষতি হয়। আনকি এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো আহি পৰিছে।

ভূমিকম্পৰ ফলত অসমৰ ক’ত, কি ক্ষতি হ’ল? জানক সকলো তথ্য…
প্ৰতীকী ফটোImage Credit source: Unsplash
barasha-sarma
Barasha Sarma | Updated On: 14 Sep 2025 22:47 PM

আজি কিছুসময় পূৰ্বে ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসম। ১৪ ছেপ্টেম্বৰৰ বিয়লি  ৪.৪১ মিনিটত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৮ । তথ্য অনুসৰি এই ভূূমিকম্পৰ অভিকেন্দ্ৰ আছিল ওদালগুৰিৰ পৰা কেইবা কিলোমিটাৰ গভীৰতাত। ভূমিকম্পৰ জোকাৰণি ইমানেই তীব্ৰ আছিল যে অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদি ৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলো জোকাৰি যায়।

এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হৈছে। বিভিন্ন জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা তথ্য অনুসৰি কেইবাখনো জিলাত কিছু পৰিমাণে ক্ষয়-ক্ষতি হৈছে। ঘৰ-দুৱাৰত ফাঁট মেলাৰ উপৰি কোনো লোক আঘাত হোৱাৰো তথ্য আহি পৰিছে। এতিয়াও ভূমিকম্প সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই চোৱাচিতি কৰি আছে।

সন্ধিয়া ৭.৩০ বজালৈ প্ৰাপ্ত তথ্য অনুসৰি বিশ্বনাথ জিলাৰ কিছুমান ঘৰৰ দেৱালত ফাঁট মেলা দেখা গৈছে। ইয়াৰোপৰি দৰং জিলাত বিশেষ একো ক্ষতি হোৱা নাই যদিও কিছুমান ঠাইৰ ঘৰৰ খিৰিকী ভঙা দেখা গৈছে। হোজাই আমলিপুখুৰী গাঁৱত কেইবাটাও ঘৰ, অট্টালিকাত ফাঁট মেলিছে। নলবাৰীৰ কেন্দুকুছিৰ নামঘৰ চৌহদৰ ভিতৰত এটা কমিউনিটি হলৰ চিলিং খহা বুলি খবৰ আহিছে।

ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰিত দণ্ডা চহৰীয়া হোষ্টেলৰ ছিলিং খহি পৰাৰ ফলত এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰোপৰি আমগুৰি আৰু কলাইগাঁৱত কেইবাটাও ঘৰৰ ছাদ খহি পৰিছে। শোণিতপুৰৰ বালিলেচা গাঁৱত দোকান, পকীঘৰ আদিৰ বিস্তৰ ক্ষতি সাধন হৈছে।

এতিয়াও অঞ্চলসমূহত নিৰীক্ষণ চলি আছে। গতিকে ক’ত আৰু কি কি ক্ষতি হৈছে সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

অসমত হোৱা ভূূমিকম্পৰ ক্ষয়-ক্ষতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। অসমৰ পৰা গৈ কলকাতাত উপস্থিত হোৱাৰ পাছতে এই সন্দৰ্ভত মোদীয়ে মুখ্যমন্ত্ৰীক ফোন কৰি ঘটনাৰ সবিশেষ জানিব বিচাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত লিখে যে-“মাননীয় প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়া যোৰহাটৰ পৰা অলপ আগতে কলকাতাত উপস্থিত হয়। সেই সময়তে খবৰ পোৱাত লগে লগে তেখেতে ফোন যোগে ভূমিকম্প আৰু ইয়াৰ ফলত পৰিস্থিতিৰ বিষয়ে বুজ লয়। তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্রদান কৰিছে। তেখেতৰ মহানুভৱী চিন্তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰিবলৈ আমাৰ দলে গ্রাউণ্ড পর্যায়ত নিজৰ কাম কৰি আছে”।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া কলকাতালৈ ৰাওনা হয় মোদী। কিন্তু তাৰ পাছতে অসমত হোৱা ভূমিকম্প সন্দৰ্ভত খবৰ লয় মোদীয়ে। এই সন্দৰ্ভত অতিৰিক্ত তথ্য পাছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৮…