শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মাওবাদৰ পথ ত্যাগী মূলসুঁতিলৈ ‘এক কোটি টকাৰ’ ম’ষ্ট ৱাণ্টেড সুজাতা

মাওবাদৰ পথ ত্যাগী মূলসুঁতিলৈ ‘এক কোটি টকাৰ’ ম’ষ্ট ৱাণ্টেড সুজাতা

monjit-dutta
Monjit Dutta | Published: 14 Sep 2025 21:54 PM

মাওবাদী বিদ্ৰোহত শক্তিশালীভাৱে অংশগ্ৰহণ কৰা এই সুজাতাই এতিয়া স্বামী কিষেনজীৰ মৃত্যুৰ ১৪ বছৰ পিছত আত্মসমৰ্পণ কৰিছে। শনিবাৰে তেলেংগানা আৰক্ষীৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰে।

দেশৰ মাওবাদী বিদ্ৰোহৰ ইতিহাসৰ এক বিশেষ অধ্যায় মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষেনজী। এই কিষেনজীৰ নেতৃত্বতে দেশত মাওবাদী বিদ্ৰোহে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল। বংগৰ লালগড়ত দীৰ্ঘসময় ধৰি নিজৰ কৰ্তৃত্ব স্থাপন কৰিছিল মাওবাদী নেতাগৰাকীয়ে। দেশত মাওবাদী আন্দোলনক শক্তিশালী কৰি তোলা কিষেনজীয়ে যোৱা ২০১১ চনত এক এনকাউণ্টাৰত প্ৰাণ হেৰুৱাইছিল। এতিয়া তেওঁৰ মৃত্যুৰ ১৪ বছৰৰ পিছত পুনৰ এবাৰ কিষানজীক লৈ চৰ্চা হৈছে দেশত।

এইবাৰ এই চৰ্চাৰ কাৰণ হৈছে কিষেনজীৰ পত্নী পদ্মৱতী ওৰফে সুজাতা ওৰফে কল্পনা। মাওবাদী বিদ্ৰোহত শক্তিশালীভাৱে অংশগ্ৰহণ কৰা এই সুজাতাই এতিয়া স্বামী কিষেনজীৰ মৃত্যুৰ ১৪ বছৰ পিছত আত্মসমৰ্পণ কৰিছে। শনিবাৰে তেলেংগানা আৰক্ষীৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰে। উল্লেখ্য যে সাংগঠনিক কাৰ্যকলাপৰ বাবে ম’ষ্ট ৱাণ্টেড হৈ পৰা সুজাতাৰ শিৰৰ মূল্য ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল।