এই ৫ বিধ খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব আপোনাক

14 Sep 2025

TV9 ASSAM

বৰ্তমান সময়ত অতি উদ্বেগজনক হাৰত বৃদ্ধি পোৱা এবিধ ৰোগ হৈছে ৰক্তচাপ। ই যিকোনো ক্ষণতে ব্যক্তিৰ প্ৰাণৰ প্ৰতিও ভাবুকি হৈ পৰিব পাৰে।

ৰক্তচাপ

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ ঔষধৰ লগতে খাদ্যৰো গুৰুত্ব দিয়া প্ৰয়োজন। কিছুমান খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণত আপোনাক সহায় কৰিব পাৰে।

নিয়ন্ত্ৰণ

ৰক্তচাপ হ্ৰাস কৰাত সহায়ক এবিধ উৎকৃষ্ট ফল হৈছে জামুক। ক’লা জামুক আৰু ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে এন্থ’চাইনিন থাকে, ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।

জামু

কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। এই উপাদানে ছডিয়াম প্ৰতিহত কৰি ৰক্তচাপ কমোৱাত সহায় কৰে আৰু ৰক্তবাহী নলীৰ চাপ হ্ৰাস কৰে।

কল

দেহৰ বাবে অতি উপকাৰী বিট। ইয়াত ডায়েটৰী নাইট্ৰেট পোৱা যায়। বিটে উচ্চ ৰক্তচাপ থকা লোকৰ চিষ্টোলিক ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে।

বিট

ডাৰ্ক চকলেটত থকা কেক’- এ ফ্লেভন’ইড উৎপন্ন কৰাত সহায় কৰে। ই ৰক্তচাপ হ্ৰাসত সহায়ক, কিন্তু অতিমাত্ৰা সেৱন কৰাটো স্বাস্থ্যৰ বাবে উচিত নহয়।

ডাৰ্ক চকলেট

একেলেথাৰিয়ে কেইসপ্তাহমানৰ বাবে দৈনিক কিৱি খালে চিষ্টোলিক ৰক্তচাপ হ্ৰাস পাব পাৰে। কিৱি ভিটামিন চিৰ উত্তম উৎস বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত হ’ব।

কিৱি

পঢ়িবলৈ ক্লিক কৰক 

অমিতা গুটিৰ এনে গুণৰ কথা জানেনে আপুনি?