শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কম দামত বস্তু লাভৰ সুযোগ! কেতিয়াৰ পৰা আৰম্ভ হ’ব আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল? জানক তাৰিখ…

আপুনিও কম দামত বস্তু বিচাৰে নেকি? যদি বিচাৰে তেন্তে আছে এক ভাল খবৰ। দুৰ্গা পূজাৰ পূৰ্বে আপুনি আমাজনত কাপোৰৰ পৰা সা-সামগ্ৰীলৈ সকলো পাব কম দামত।

কম দামত বস্তু লাভৰ সুযোগ! কেতিয়াৰ পৰা আৰম্ভ হ’ব আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল? জানক তাৰিখ…
আমাজন চেলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 14 Sep 2025 21:18 PM

কম দাম বা ৰেহাই মূল্য কোনেনো সামগ্ৰী নিবিচাৰে! যদি আপুনিও বিচাৰে তেন্তে আছে এক ভাল খবৰ। কিয়নো পূজাৰ আগতে আপুনি কম দামত বা ৰেহাই মূল্যত কাপোৰৰ পৰা আৰম্ভ কৰি মোবাইল, ফ্ৰীজ আদি সকলো লাভ কৰিব। কিয়নো শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে আৰম্ভ হ’ব আমাজনৰ সৰ্ববৃহৎ শ্বপিং ফেষ্টিভেল গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫। এই  চেল ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। বিশেষ কথা এয়াই যে, আমাজন প্ৰাইম থকাসকলে এদিন আগতে অৰ্থাত ২৪ ঘন্টাৰ পূৰ্বে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব।

চেলৰ পূৰ্বে আমাজনে ইতিমধ্যে স্মাৰ্টফোন, হোম ডিভাইচ, ইলেক্ট্ৰনিকছ আদিত চুক্তি আৰম্ভ কৰিছে। মূল্য হ্ৰাসৰ লগতে ক্ৰেতাই বেংকৰ পৰা বিভিন্ন ৰেহাই পাব কেছবেক লাভ কৰিব। ইয়াৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ’ল।

Amazon Great Indian Festival চেলৰ তাৰিখ

২৩ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা আৰম্ভ হ’ব গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫। যদি আপোনাৰ তাত আমাজন প্ৰাইম আছে তেন্তে ২৪ ঘণ্টা আগতেই এক্সক্লুছিভ ডিলৰ সুবিধা লাভ কৰিব পাৰিব।

ৰেহাই আৰু বেংকৰ অফাৰ

কোনবিধ সামগ্ৰীত কিমান মূল্য হ্ৰাস পাব সেই সন্দৰ্ভত এতিয়ালৈকে আমাজনে কোনো তথ্য প্ৰকাশ কৰা নাই। কিন্তু স্মাৰ্টফোন, ইলেক্ট্ৰনিকছ, লেপটপ আৰু ঘৰুৱা ডিভাইচকে ধৰি কেইবাটাও শিতানত ৪০% পৰ্যন্ত ৰেহাই আগবঢ়াইছে।গ্ৰাহকে এছ বি আই ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে কৰা ক্ৰয়ৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাইৰ লগতে বেংকৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ লগতে এবছৰলৈকে NO cost EMI ত সামগ্ৰী ল’ব পাৰিব।

শেহতীয়াকৈ জি এছ টি হ্ৰাস পাইছে। গতিকে এইবাৰ বহু সামগ্ৰীত পূৰ্বতকৈ দাম কম হ’ব পাৰে। আশা কৰা হৈছে, গ্ৰাহকসকলে অত্যধিক লাভ পাব। পাৰ্টনাৰ অফাৰৰ অধীনত গ্ৰাহকে জি এছ টি চালান আৰু ঘৰুৱা ডিভাইচ, টেলিভিছনকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিলে ২৮% পৰ্যন্ত ৰেহাই লাভ কৰিব।

স্মাৰ্টফোন

চেমচাং গেলেক্সি এছ ২৪ আল্ট্ৰা, গেলাক্সি জেড ফল্ড ৬, ৱানপ্লাছ ১৩ ছিৰিজ আৰু আইকিউঅ’ ১৩ ৫জিৰ দৰে ফ্লেগশ্বিপ ডিভাইচসমূহ  কম দামত উপলব্ধ হব। ইয়াৰোপৰি আইফোন ১৫ৰ দাম হ্ৰাস পাব পাৰে। আনহাতে ৱানপ্লাছ ১৩আৰ, আইকিউঅ’ নিঅ’ ১০ আৰু ভিভ’ ভি৬০ৰ দৰে ফোন আদি কম দামত লাভ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এই দিনটোৰ পৰাই ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডিলো আৰম্ভ হ’ব।

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে চাকৰি, দৰমহা ৪৪,০০০ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…