শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Diwas: আজি অসম দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

Assam Diwas: আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অসম দিৱস। বছৰ বছৰ ধৰি প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটোত এই দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Assam Diwas: আজি অসম দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…
অসম দিৱসImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 02 Dec 2025 09:22 AM

আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে ‘অসম দিৱস’ তথা ‘চ্যুকাফা দিৱস’। আহোন সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰৰ ২ডিচেম্বৰত ৰাজ্য অসম দিৱস পালন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয় যত চুকাফাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে,  “আজি অসম দিৱস৷ স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি অসমীয়া জাতিৰ ভেটি গঢ়িছিল৷ অসমীয়া জাতিৰ ৰূপৰেখা অংকন কৰি স্বৰ্গদেউজনাই অসম ভূমিক প্ৰাণৱন্ত কৰাই নহয়; সবল নেতৃত্ব, বিচক্ষণ চিন্তা তথা দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণেৰে অসমীয়া জাতিক তেখেতে মহীয়ান কৰি তুলিছিল। আজি পৱিত্ৰ অসম দিৱসত বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফালৈ শতকোটি প্ৰণিপাত জনালোঁ৷ আমাৰ চৰকাৰে তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাবলৈ বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিছোঁ আৰু আগলৈও নিশ্চিতকৈ কৰি যাম “৷

ইতিহাস

অনুমান অনুসৰি,  ১২২৮ চনৰ আজিৰ দিনটোতে চুকাফাৰ নেতৃত্বত আহোমসকলে সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দন চন খাম স্থাপন কৰিছিল। এই দিনটোক ঐতিহাসিক কৰি ৰখাৰ উদ্দেশ্যেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে এই দিৱস পালন কৰা আৰম্ভ কৰিছিল।

কেতিয়াৰ পৰা পালন কৰা হয়

এই দিৱস পালনৰ ইতিহাস বহু পুৰণি নহয়।১৯৭২ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। ১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সেই সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল।

পৰৱৰ্তী সময়ত সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৭৪ চনৰ পৰা এই দিৱস অতি ধুমধামেৰে আয়োজন কৰা হয়।

পৰৱৰ্তী সময়ত ১৯৮১ চনত চৰাইদেউত চ্যুকাফা দিৱস অনুষ্ঠিত কৰা হয়। ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটীৰ জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

 

 

অন্য খবৰ পঢ়কঃ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ পৰা মিছন বসুন্ধৰালৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…