বলীয়া বতাহত উৰে অভিনেত্ৰীৰ চুটি ফ্ৰক, শ্বুটিঙৰ এই ঘটনাই লজ্জিত কৰে সকলোকে…
‘জ্যো জিতা ওহি চিকন্দৰ’ৰ দৰে ছবি আজিলৈকে বলীউডত নিৰ্মাণ হোৱা নাই। কেৱল ছবিখনৰ কাহিনীয়েই নহয়, গীতবোৰো কালজয়ী। বিশেষকৈ পেহেলা নচা গীতটো এতিয়াও বলীউডৰ শ্ৰেষ্ঠ প্ৰেমৰ গীত। কিন্তু এই গীতটোৰ শ্বুটিঙৰ সময়ত ঘটিছিল এক আচৰিত ঘটনা!

বলীউডৰ বিভিন্ন আচৰিত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰে। চন ১৯৯২ চন, আমিৰ খান আৰু আয়েছা জুলকা অভিনীত‘জ্যো জিতা ওহি চিকন্দৰ’ৰ ছবিখন মুক্তি লাভ কৰে। সেই সময়ত ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল। যিহেতু এই ছবিখনৰ কাহিনী ক্ৰীড়া, প্ৰেম, দুখীয়া আৰু ধনী মানুহৰ মাজত হোৱা যুঁজৰ বিষয়ে আছিল, গতিকে সেই সময়ত ছবিখনে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কোৱা হয় যে সেই ছবিখনৰ দৰে আজিলৈকে বলীউডত অন্য ছবি নিৰ্মাণ হোৱা নাই। অৱশ্যে ছবিখনৰ কাহিনীয়েই নহয়, ছবিখনৰ গীতবোৰো কালজয়ী। বিশেষকৈ পেহলা নচা গীতটো এতিয়াও বলীউডৰ শ্ৰেষ্ঠ প্ৰেমৰ গীত। কিন্তু আপুনি জানেনে, এই গীতটোৰ এটা দৃশ্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। এই ছবিখনৰ আন এগৰাকী নায়িকা পূজা বেদী আৰু পৰিচালক মনছুৰ খান সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু এয়া শেষ নহয়, যিটো দৃশ্যৰ বাবে পূজাক সমালোচনা কৰা হৈছিল। সেই ছবিখনৰ শ্বুটিংৰ সময়তো হুলস্থুলৰ সৃষ্টি হৈছিল।
সেই ছবিখনৰ প্ৰথমটো গীতৰ এটা দৃশ্যত পূজা বেদীয়ে ৰঙা ফ্ৰক পিন্ধি এখন গাড়ীৰ ওপৰত থিয় হয়। তেতিয়াই ঘটে অঘটন, অভিনেত্ৰীগৰাকীৰ ৰঙা চুটি ফ্ৰকটো বতাহত দাং খাই যায়। পূজাই হলিউডৰ কিংবদন্তি অভিনেত্ৰী মেৰিলিন মনৰোৰ ষ্টাইলত সাজ-পোছাক পৰিধান কৰিছিল। কিন্তু বতাহ ইমানেই বেছি আছিল যে তেওঁ পিন্ধা ৰঙা থং পেণ্টীটো স্পষ্টকৈ দেখা গৈছিল!
পূজাৰ শৰীৰত কৃত্ৰিম বতাহ দিয়াৰ দায়িত্বত থকা স্পট বয়জনে ফ্ৰক উৰি যোৱাৰ লগে লগে থংটোহে লক্ষ্য কৰিছিল। কিন্তু সেই ল’ৰাজনে কিছুসময়ৰ বাবে নিজৰ চেতনা হেৰুৱাই পেলাইছিল! যিটো বিষয়েপিছত মনোৰঞ্জন আলোচনীত লিখা হৈছিল।
লগতে পঢ়ক- বিদেশত কি ঘটিছিল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকাৰ সৈতে?