এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত মনু ভাকেৰেৰ সাফল্য, দেশৰ বাবে আঁজুৰিলে ২টাকৈ পদক…
মনু ভাকেৰে ২০২৫ চনৰ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ডাবল ব্ৰঞ্জৰ পদক লাভ কৰে।এই ইভেণ্টত তেওঁ অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ফাইনেলত এই ইভেণ্টত ২১৯.৭ পইণ্টেৰে তৃতীয় স্থান দখল কৰে মনুৱে।

১৯ আগষ্ট মঙলবাৰে কজাকিস্তানৰ শ্যামকেন্টত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ ২০২৫ত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে তাৰকা মহিলা শ্বুটাৰ মনু ভাকেৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ফাইনেলত ২১৯.৭ পইণ্টেৰে তৃতীয় স্থান দখল কৰে মনু ভাকেৰে। এই ইভেণ্টত সোণৰ পদক লাভ কৰা চীনৰ মা চিয়ানকে ২৪৩.২ পইণ্ট লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ ইয়াং জি-ইনে ২৪১.৬ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। তিনিওজনে ইজনে সিজনৰ বাবে কঠোৰ প্ৰত্যাহ্বান হৈ পৰিছিল।
মনু ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে
ইয়াৰ পূৰ্বে ভাৰতে দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মনু ভাকেৰ, সুৰুচি সিং আৰু পালক গুলিয়াৰ দলটোৱে ১৭৩০ পইণ্ট লাভ কৰে, যিটো দ্বিতীয় স্থানত থকা কোৰিয়াতকৈ এক পইণ্ট কম আৰু স্বৰ্ণ পদক বিজয়ী চীনতকৈ ১০ পইণ্ট কম। মনু ভাকেৰ, সুৰুচি সিং আৰু পলক গুলিয়া, তিনিওজনে এই ইভেণ্টত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু ভাৰতীয় অনুৰাগীসকলেও তেওঁলোকক বহুত প্ৰশংসা কৰে। ৫৮৩ পইণ্ট লাভ কৰি ফাইনেল ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰা ভাকেৰ দ্বিতীয় স্থানত আছিল। আনহাতে চীনৰ কিয়ানছুন ইয়াওৱে ৫৮৪ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। আনহাতে, সুৰুচি আৰু পালাকে ফাইনেলত স্থান হেৰুৱাইছিল।
কোৱালিফিকেচনত মনু ভাকেৰে ৫৮৩-১৮x স্ক’ৰ কৰিছিল, য’ত তেওঁৰ শেষৰখন ছিৰিজত পাৰ্ফেক্ট ১০০ ৰানো অন্তৰ্ভুক্ত আছিল। এই প্ৰদৰ্শনৰ বাবেই তৃতীয় স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰে ভাকেৰে। সুৰুচি সিঙে ৫৭৪-২০x ৰে ১২ নম্বৰ আৰু পলক গুলিয়াই ৫৭৩-১৪x ৰে ১৭ নম্বৰ স্থান দখল কৰে।
বেয়া আৰম্ভণিৰ পিছত মনুৰ কামবেক
ফাইনেলত মনু ভাকেৰৰ আৰম্ভণি আছিল অতি লেহেমীয়া। প্ৰথম পাঁচটা শ্বটৰ পিছত পঞ্চম স্থানত আছিল যদিও পিছত তেওঁ ডাঙৰ কামবেক কৰি অগ্ৰগতি লাভ কৰে। ১১ নং শ্বটত ১০.৫ ৰান সংগ্ৰহ কৰি ইয়াৰ লগে লগে দ্বিতীয় স্থানত উপনীত হয়। কিন্তু তাৰ পিছত ১৭ নং শ্বটত মনু ভাকেৰে ৯.৭ৰ দুৰ্বল স্ক’ৰেৰে বাহিৰ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু, তেওঁ জয়ৰ আশাক জীয়াই ৰাখিছিল আৰু অৱশেষত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই প্ৰদৰ্শনত ভাৰতীয় অনুৰাগীসকল অতিশয় সুখী।