শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২১ হাজাৰ বিনিয়োগ কৰিলে পাব ২০ লাখ টকা! বিত্ত মন্ত্ৰালয়ৰ লগত আছে নেকি সম্পৰ্ক? জানক সত্য…

Fact check: বিভিন্ন সময়ত সামাজিক মাধ্যমত বহু খবৰ ভাইৰেল হৈ থাকে। শেহতীয়াকৈ এটা ভিডিঅ ভাইৰেল হৈছে, য'ত কোৱা হৈছে যে ২১ হাজাৰ টকা বিনিয়োগ কৰিলে লাভ কৰিব ২০ লাখ টকা। ইয়াৰ সত্যতা কি?

২১ হাজাৰ বিনিয়োগ কৰিলে পাব ২০ লাখ টকা! বিত্ত মন্ত্ৰালয়ৰ লগত আছে নেকি সম্পৰ্ক? জানক সত্য…
ধনImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 19 Aug 2025 17:22 PM

আজিকালি প্ৰায়ভাগ মানুহ সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে। এই মাধ্যমত বিভিন্ন সময়ত বিভিন্ন খবৰ ভাইৰেল হৈ থকা দেখা যায়। শেহতীয়াকৈ এনে এটা ভিডিঅ’ সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে। এই ভিডিঅ’টোত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিনিয়োগ আঁচনি সন্দৰ্ভত মন্তব্য কৰা দেখা গৈছে। ভিডিঅ’টোত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে, যদি কোনো ব্যক্তিয়ে ২১০০০ টকা বিনিয়োগ কৰে তেন্তে তেওঁ এমাহত ২০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব।

ইয়াৰোপৰি আন এটা ভিডিঅ ভাইৰেল হৈছে। য’ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে, ২২,০০০ টকা বিনিয়োগ কৰিলে প্ৰতিদিনে ৬০,০০০ টকা উপাৰ্জন কৰিব পাৰিব। লগতে এমাহত ১০ লাখ টকা উপাৰ্জন কৰা সম্ভৱ। এনে পৰিস্থিতিত বহুতৰে মনত প্ৰশ্ন উত্থাপন হয় যে এই ভিডিঅ’টোৰ সত্যতা কি?

এই ভিডিঅ’টো কিমান দূৰ সঁচা সেই সন্দৰ্ভত এই লেখাটোত উল্লেখ কৰা হ’ল-

পিআইবি (PIB)ৰ তথ্য পৰীক্ষাকাৰী দলে এই বিষয়ত তদন্ত কৰি স্পষ্টতা প্ৰকাশ কৰে। PIB য়ে কয় যে ভাইৰেল হৈ থকা ভিডিঅ’টো ভুৱা। এই ভিডিঅ’বোৰত দেখুওৱা মেছেজবোৰ মিছা আৰু ইয়াৰ উদ্দেশ্য কেৱল মানুহক প্ৰতাৰণা কৰা। পিআইবিয়ে কয় যে চৰকাৰ বা বিত্তমন্ত্ৰীয়ে এনে কোনো আঁচনি আৰম্ভ কৰা নাই বা এনে আঁচনি চলি থকা নাই। একাংশই মানুহক প্ৰতাৰণা কৰিবলৈ এনে কাম কৰিছে।

এই ভাইৰেল ভিডিঅ’টোত কোৱাণ্টামআল ( QuantumAl ) নামৰ এটা বিনিয়োগ প্লেটফৰ্ম দেখা গৈছে, য’ত দাবী কৰা হৈছে যে মাত্ৰ ২১ হাজাৰ টকা বিনিয়োগ কৰিলে মাহে ২০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পৰা যায়।  এই সকলোবোৰৰ ওপৰত PIB য়ে কয় যে বিত্তমন্ত্ৰী বা চৰকাৰে এনে কোনো আঁচনিত অনুমোদন জনোৱা নাই বা প্ৰচাৰ কৰা নাই।

 

প্ৰৱঞ্চনা কিয়

উল্লেখ্য যে, AI আৰু নতুন প্ৰযুক্তিৰ আগমনৰ লগে লগে প্ৰৱঞ্চনাও বৃদ্ধি পাইছে। বহুতে কৃত্ৰিম বুদ্ধিমত্তা বা প্ৰযুক্তি ব্যৱহাৰ কৰি বহুতে ভুৱা ভিডিঅ’ প্ৰস্তুত কৰি প্ৰৱঞ্চনা কৰে। বহু সময়ত একাংশই ভুৱা চেলিব্ৰিটিৰ দ্বাৰা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি ষড়যন্ত্ৰ ৰচে। এনে প্ৰৱঞ্চকৰ জালত বহু সাধাৰণ মানুহ পৰে। সহজতে এনে ভিডিঅ’ সামাজিক মাধ্যমত বিনিয়োগ কৰে। মানুহেও লাভ দেখি ধন বিনিয়োগ কৰি লোকচানৰ সন্মুখীন হয়।

এনে ভুৱা ভিডিঅ’ বা প্ৰৱঞ্চকৰ জালত নপৰিবলৈ পি আই বিয়ে সকীয়াই দিছে। যদি আপুনি কোনো বিনিয়োগৰ আঁচনি দেখা পাই তেন্তে এই সন্দৰ্ভত পৰীক্ষা কৰক। কোনো আঁচনিত বিনিয়োগ কৰাৰ পূৰ্বে ইয়াৰ বিষয়ে জনা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ Asia Cup 2025: উপ-অধিনায়ক শুভমন, ষ্টেণ্ডবাইত ৰিয়ান পৰাগ! এছিয়া কাপৰ দল নিৰ্বাচনৰ ৫টা ডাঙৰ কথা…