জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ৰাইজক আগুৱাই অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
ৰাজহুৱা জাননীৰ জৰিয়তে ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ সংশ্লিষ্ট লোকৰ পৰা শপতনামা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা ৩ অক্টোবৰত অসম চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিছিল, যাক অহা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সময় দিয়া হৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া ন্যায়িক আয়োগৰ ওচৰলৈ ৰাইজে আগবাঢ়ি আহি সহযোগিতা আগবঢ়াব লাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন ন্যায়িক আয়োগে সোমবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছিল যদিও প্ৰথম দিনা কোনেও নিজৰ বক্তব্য দিবলৈ আগবাঢ়ি নাহিল।
“আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মহামান্য উচ্চ ন্যায়ালয়ৰ বৰ্তমান কাৰ্যৰত ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰাৰ চৰকাৰৰ সিদ্ধান্তটো সত্য আৰু ন্যায় বিচাৰৰ প্ৰতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সকলো সত্য উন্মোচিত হোৱাৰ লগতে সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে ন্যায় প্ৰদান নিশ্চিত কৰিবলৈ আয়োগৰ কাম-কাজত আমি সকলোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব আৰু আয়োগৰ কাৰ্যবিধিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব।” মুখ্যমন্ত্ৰীয়ে এক পোষ্টত কয়।
গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৪৫ লাখৰো অধিক ইউজাৰে ফেচবুকত ‘#JusticeForZubeenGarg’ পোষ্ট কৰি তেওঁৰ ন্যায়ৰ দাবী জনাই আহিছে। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় বিখ্যাত কণ্ঠশিল্পীগৰাকীৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ-পূব এছিয়াৰ দেশখনলৈ গৈছিল জুবিন গাৰ্গ।
সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰিছিল যে ছিংগাপুৰত গাৰ্গক হত্যা কৰা হৈছে। এই গোচৰৰ তদন্ত চলি থকাৰ সময়তে এই দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৰাজহুৱা জাননীৰ জৰিয়তে ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ সংশ্লিষ্ট লোকৰ পৰা শপতনামা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা ৩ অক্টোবৰত অসম চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিছিল, যাক অহা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সময় দিয়া হৈছে।
ছিংগাপুৰত জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ “তথ্য আৰু পৰিস্থিতি”ৰ তদন্ত কৰিব ন্যায়িক আয়োগে। এই কাণ্ডৰ সৈতে জড়িত কোনো ব্যক্তি, কৰ্তৃপক্ষ বা প্ৰতিষ্ঠানৰ ফালৰ পৰা কোনো ধৰণৰ ভুল, বাদ পৰা বা কমিচনৰ কাৰ্য বা গাফিলতি হৈছে নেকি সেই বিষয়েও এই আয়োগে তদন্ত কৰিব।
ইয়াৰ উপৰিও এই আয়োগে “ফাউল প্লে, ষড়যন্ত্ৰ বা অবৈধ কাৰ্যৰ সম্ভাৱনাকে ধৰি কোনো বাহ্যিক কাৰকে এই কাণ্ডৰ লগত অৰিহণা যোগাইছিল নে জড়িত আছিল নেকি” সেইটো নিৰীক্ষণ কৰিব।
সমগ্ৰ ৰাজ্যতে ৬০ খনতকৈও অধিক এফআইআৰ দাখিল হোৱাৰ পাছত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অধীনস্থ এটা বিশেষ তদন্তকাৰী দলে বৰ্তমান জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। মুঠ ৭ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল এই ঘটনা সন্দৰ্ভত। বৰ্তমাত ন্যায়িক জিম্মাত আছে এই ৭ গৰাকী অভিযুক্ত। ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত হত্যা, হত্যাৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু গাফিলতিৰ ফলত মৃত্যুৰ অভিযোগ উত্থাপন হৈছিল।