বেদখলক লেণ্ড জেহাদ আখ্যা মুখ্যমন্ত্ৰীৰ, বৰ্তমানলৈকে বেদখলমুক্ত ৰাজ্যৰ ১,১৯,৫৪৮ বিঘা ভূমি
সংবাদমেলত তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানলৈকে চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ভূমি বেদখলক লেণ্ড জেহাদ আখ্য়া দি মুখ্যমন্ত্ৰীয়ে কয় যে এই উচ্ছেদ লেণ্ড জেহাদৰ বিৰুদ্ধে, নহ'লে অনাগত ২০ বছৰত অসম নাথাকিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যত চলা উচ্ছেদ অভিযান সন্দৰ্ভত কেতবোৰ তথ্য আগবঢ়ায়। ইয়াৰ লগতে এই উচ্ছেদৰ বিৰোধিতা কৰা সকলকো সমালোচনা কৰে মুখ্য়মন্ত্ৰীয়ে। জনগাঁথনিৰ পৰিৱৰ্তনে কি কি সমস্যা তথা ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কেও মতামত আগবঢ়াই মুখ্যমন্ত্ৰীয়ে।
সংবাদমেলত তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানলৈকে চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ক’ত ক’ত কিমান মাটি বেদখলমুক্ত কৰা হৈছে জানো আহক-
- শোণিতপুৰত বুঢ়াচাপৰিৰ ৩৯৫২৭ বিঘা ভূমি
- লখিমপুৰত ১৩৮৪১ বিঘা ভূমি
- গোৱালপাৰাত ৮২৮০ বিঘা ভূমি
- দৰঙত ১৭৯০৫ বিঘা ভূমি
- হোজাইত ১০৭৯ বিঘা ভূমি
- বৰপেটা জিলাত ৪০৮ বিঘা ভূমি
- কাছাৰত ৭৫৬ বিঘা ভূমি
- বঙাইগাঁৱত ১৭৮ বিঘা ভূমি
মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ উন্নয়নৰ বাবে এডাল-দুদাল গছ কাটিলে বিৰোধিতা কৰা সকলে চৰাকাৰে উচ্ছেদ কৰা ঠাইত গছ ৰুলে চৰকাৰক উদগনি নিদিয়ে। বনাঞ্চলৰ মাটিত উচ্ছেদ কৰা হৈছে। লামডিঙত উচ্ছেদ কৰা ঠাইত এতিয়া প্ৰায় ২০০ হাতী থাকে। বুঢ়া চাপৰিত যি স্থানত একেদিনাই ১০ টা গঁড় হত্যা কৰা হৈছিল, প্ৰায় ১০০/১৫০ বিঘাকৈ ভূমি দখল কৰা হৈছিল সেই স্থানত এতিয়া জীৱ-জন্তুৱে বাস কৰে।
ডঃ শৰ্মাই আৰু কয় যে দীঘলী পুখুৰীৰ পাৰতকৈ বহুত বেছি গছ তাত ৰোপন কৰা হৈছে। লাহৰীঘাটৰ পৰা উচ্ছেদ কৰা মানুহ আহি ওৰাঙত সোমাইছিল। পুঁজিপতিক ভূমি প্ৰদানৰ বাবে উচ্ছেদ চলোৱা বুলি একাংশই দাবী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ বাবে হাতী-গঁড়েই পুঁজিপতি। লখিমপুৰৰ উচ্ছেদৰ পিছত তালৈ ৰাজনৈতিক নেতা বহুত গ’ল, এগৰাকী ছোৱালীৰ video এটাক লৈ বিতৰ্ক কৰিলে। নগাঁও, বৰপেটা, কাছাৰ, মানকাচৰ আদিৰ পৰা মানুহ গৈ তাত আছিল। সেই মানুহবোৰ গৃহহীন নহয়, তেওঁলোকৰ ঘৰ এতিয়াও আগৰ ঠাইত আছে। তেৰ গৰাকী খিলঞ্জীয়া মানুহৰ কথা কোৱা হ’ল বাকী মানুহবোৰৰ কথা কোৱা নহ’ল।”
We are not just freeing up lands from encroachers but also preventing further encroachment through utilising them for productive purposes.
In Lakhimpur, we have planted Som saplings in evicted land which will support Muga silkworm rearing & economic growth of indigenous people. pic.twitter.com/96Ug2YDgO8
— Himanta Biswa Sarma (@himantabiswa) July 15, 2025
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনগাঁথনি সলনি হোৱাৰ পৰা ৰক্ষা কৰা কথাটো কোনেও আলোচনা নকৰে। ধিং, লাহৰীঘাটৰ মানুহে যোৱা এবছৰৰ পৰা উৰিয়ামঘাটত বন ভাঙি আছে। এতিয়া তেওঁলোকৰ লক্ষ্য উজনি। গোলাঘাট, তিতাবৰ, মৰিয়নি, যোৰহাট উলাবগৈ এইবোৰ মানুহ। যদি এতিয়াই ৰখোৱা নহয় তেন্তে আগন্তুক ২০ বছৰত জনগাঁথনি সলনি হ’ব।
লখিমপুৰত যোৱা ১৫/২০ বছৰত জনগাঁথনি সলনি হৈছে। উৰিয়ামঘাটৰ মানুহে উচ্ছেদ কৰিবলৈ কয় আৰু গুৱাহাটীত বহি মানুহে বিৰোধ কৰে। সকলো ঠাইত উচ্ছেদ হোৱা গোটেই মানুহবোৰ এটা নিৰ্দিষ্ট ধৰ্মৰ। ভূমি বেদখলক লেণ্ড জেহাদ আখ্য়া দি মুখ্যমন্ত্ৰীয়ে কয় যে এই উচ্ছেদ লেণ্ড জেহাদৰ বিৰুদ্ধে, নহ’লে অনাগত ২০ বছৰত অসম নাথাকিব।